কিছুমান এনেধৰণৰ বাতৰি ছ’চিয়েল মিডিয়াত প্ৰায়ে ভাইৰেল হৈয়েই থাকে, যিয়ে আমাক কেতিয়াবা আচৰিত কৰি তোলে আৰু কেতিয়াবা হাঁহিবলৈ বাধ্য কৰে। তেনে এটা খবৰ হৈছে পাকিস্তানৰ, যিটো ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে।
আচলতে এই খবৰটো এগৰাকী মালিকনী আৰু বনকৰা মানুহৰ প্ৰেম কাহিনী। কেৱল পাকিস্তানতে নহয়, সমগ্ৰ বিশ্বতে ছ’চিয়েল মিডিয়াতো চৰ্চা অব্যাহত আছে নাজিয়া নামৰ এগৰাকী মহিলা।
শেহতীয়াকৈ মহিলাগৰাকীয়ে নিজৰ ঘৰত বনকৰা মানুহজনক বিয়া কৰাইছিল৷ নাজিয়াই এটা ইউটিউব চেনেলত ইন্টাৰভিউ দি তেওঁ নিজৰ প্ৰেম কাহিনীৰ বিষয়ে বিৱৰি কয়৷ ইয়াৰ পাছতে মালিকনী আৰু বনকৰা মানুহগৰাকীৰ প্ৰেম কাহিনীটো সাংঘাতিকভাৱে ভাইৰেল হৈ পৰিছে।
লগতে পঢ়ক ১৯৯৪ত কি ডাঙৰ ৰিস্ক লৈছিল হিমন্ত বিশ্ব শৰ্মাই? ডঃ শৰ্মাই প্ৰকাশ নকৰা বিশেষ সফলতাটো কি আছিল?
খবৰ অনুসৰি, পাকিস্তানৰ ইছলামবাদৰ বাসিন্দা নাজিয়াই ঘৰৰ কামবোৰ কৰিবলৈ এজন বনকৰা মানুহ নিয়োগ কৰিছিল। বনকৰা মানুহজনৰ নাম ছুফিয়ান। নাজিয়াই সাক্ষাৎকাৰটোত কয় যে আগতে ঘৰত অকলে আছিল।
তেওঁৰ ঘৰত কোনো নাছিল, সেয়ে ভৰসা কৰিব পৰা এজন বনকৰা মানুহ বিচাৰি আছিল। ইয়াৰ পিছত তেওঁক এজন বন্ধুৱে ছুফিয়ানক ৰাখিবলৈ পৰামৰ্শ দিলে৷ তাৰ পিছত নাজিয়াই বনকৰা মানুহজনক মাহিলী ১৮ হাজাৰ টকা দৰমহাত নিযুক্তি দিয়ে।
কিছুদিনৰ পাছত নাজিয়াই চুফিয়ানৰ কাম-কাজ আৰু চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত হ’বলৈ ধৰে আৰু এইদৰেই নাজিয়াই ছুফিয়ানৰ প্ৰেমত পৰিল।
লগতে পঢ়ক পত্নীয়ে কৈছিল মোৰ সৈতে প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আছে৷ স্বামীয়ে পঠালে তিনি তালাকৰ নোটিচ
প্ৰথমে লুকুৱাই ৰাখিছিল যদিও পিছত নাজিয়াই ছুফিয়ানৰ ওচৰত নিজৰ প্ৰেম প্ৰকাশ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত নাজিয়াই ছুফিয়ানক প্ৰস্তাৱ দিলে। এই সময়ত ছুফিয়ান কিছু সময় হতবাক হৈ পৰিছিল যদিও তেওঁ প্ৰস্তাৱটো গ্ৰহণ কৰে। তাৰ পিছত দুয়োজনে বিয়া পাতিবলৈ সিদ্ধান্ত লয়৷
নাজিয়াই কয় যে ছুফিয়ানে তেওঁক বহুত যত্ন লয় আৰু মৰমেৰে তেওঁক কেটৰিনা কাইফ বুলি মাতে আৰু নাজিয়াই স্বামীক ছলমান খান বুলি কয়৷নাজিয়াই লগতে কয় যে বিয়াৰ সিদ্ধান্ত লোৱাটো সহজ নাছিল কিয়নো মানুহে তেওঁলোকৰ এই সিদ্ধান্ত বহুত প্ৰতিবাদ কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ