অসম লাইভ২৪ঃ শেষ হোৱা নাই মিঞা মিউজিয়ামৰ প্ৰসংগ। মিঞা মিউজিয়ামক লৈ আকৌ মুখ খুলিছে বিধায়ক শ্বেৰমান আলীয়ে। বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমানে মিঞা মিউজিয়াম সন্দৰ্ভত কয়, ‘মিঞা মিউজিয়াম সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা আব্দুল বাটেন, মহৰ আলী আৰু গিয়াছুদ্দিনৰ নাম অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব। মিঞা মিউজিয়াম সমৰ্থনেই নহয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞাৰ দুই এপদ সম্পদ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। কেৱল কলাক্ষেত্ৰতে নহয়, ১৫ আগষ্টৰ পেৰেডতো মিঞা সংস্কৃতি প্ৰদৰ্শন কৰিব লাগে।’
উল্লেখ্য যে মিঞাৰ সংজ্ঞা দিবলৈ গৈ বিধায়ক শ্বেৰমানে কয়, ‘ মিঞাৰ বিষয়ে বেয়া কৈ কলে যাৰ বুকু বিষাই সেইজনহে প্ৰকৃত মিঞা।’ আনহাতে মিউজিয়ামক লৈ গ্ৰেপ্তাৰ হোৱা কেইজনক নেলছন মেণ্ডেলাৰ উদাহৰণ দি ধৈৰ্য্য ধৰিবলৈকো আহ্বান জনাই বাঘৰৰ বিধায়ক শ্বেৰমান আলীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ