অসম লাইভ২৪ঃ শিক্ষাক ডিজিটেলাইছ কৰাৰ ক্ষেত্ৰত C-20 কাৰ্যকৰী গোটে মুকলি কৰিছে বিশেষ কেন্দ্ৰ। আইজলত নতুনকৈ মুকলি কৰা হৈছে বিজ্ঞান-প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ চমুকৈ STI(Science-Technology-Innovation)। মিজোৰামৰ ৰাজ্যপাল শ্ৰী কে হৰিয়ে মুকলি কৰে এই বিশেষ কেন্দ্ৰটো। STI কেন্দ্ৰ উদ্বোধন কৰি ৰাজ্যপাল শ্ৰী কে হৰিয়ে কয় যে, ডিজিটেল ক্ষেত্ৰখনত ভাৰত দোপতদোপে আগবাঢ়িছে। আমি এতিয়া ৬জি সেৱা মুকলিৰ দিশেৰে গতি কৰিছো। ডিজিটেলী ভাৰতে বিপ্লৱেই গঢ়িছে তেনে সময়ত আমাৰ মৌলিক প্ৰয়োজন এতিয়া কেৱল খাদ্য, কাপোৰ, আশ্ৰয়ে হৈ থকা নাই। জীৱনটো এতিয়া কেৱল মৌলিক প্ৰয়োজন পূৰণতেই কোনোৱে সীমাবদ্ধ কৰি ৰাখিব খোজা নাই। দৈনিক আগবাঢ়িছে প্ৰযুক্তি। এই প্ৰযুক্তিৰ সৈতে হাতত ধৰি আমি আগুৱাব লাগিব। শিক্ষাৰ ক্ষেত্ৰৰ প্ৰসাৰ বঢ়াব লাগিব।
আধুনিক পৃথিৱীৰ সৈতে খোজত খোজ মিলাই আগবাঢ়িবলৈ হ’লে এনেকৈ আগবঢ়াটো খুবেই জৰুৰী। শিকনৰ বাবে এতিয়া বিভিন্ন প্ৰযুক্তিগত আহিলাৰো প্ৰয়োজন এই আহিলাৰ অভাৱৰ বাবে কোনো পিছপৰি ৰ’ব নালাগে। তাৰবাবেই এই চেণ্টাৰ মুকলি কৰা বুলিও কয় ৰাজ্যপালগৰাকীয়ে।
ৰাজ্যপালগৰাকীয়ে লগতে কয়, ‘ভাৰতবৰ্ষ এতিয়া প্ৰযুক্তি বিদ্যাৰ কেন্দ্ৰও হৈ পৰিছে। দেশৰ জিডিপি কেৱল অৰ্থনীতিৰেই জোখা নহয়। জিডিপিৰ ক্ষেত্ৰত জ্ঞানী লোকৰ সংখ্যা দেশত কিমান? সেই কথাও অন্তৰ্ভূক্ত হৈ থাকে। সেয়ে জ্ঞান আৰু প্ৰযুক্তিৰেও আমি আগুৱাই যোৱাটো জৰুৰী। C-20 কাৰ্যকৰী গোটে এই সন্দৰ্ভত কাম কৰি আহিছে। C-20য়ে ডিজিটেল শিক্ষাক বিশেষ প্ৰাধান্য দিছে। ইপিনে এই অনুষ্ঠানতেই মিজোৰামৰ মুখ্য সচিব ড০ ৰেণু শৰ্মাই ভাষণত কয়, ‘ডিজিটেল সাক্ষৰতাৰ ক্ষেত্ৰত বৰ্তমান মোদী নেতৃত্বাধীন চৰকাৰক গুৰুত্ব অপৰিসীম। ডিজিটেল আন্তঃগাঁঠনিৰ বাবে ৰাজ্যখনত অধিক পুঁজিৰ প্ৰয়োজন হ’ব। শিক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এই পুঁজি ব্যয় কৰিবলৈ ইচ্ছুক। আমি গৌৰৱেৰে ক’ব পাৰো যে কেৰালাৰ পাছতেই মিজোৰামেই শিক্ষাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। আমি সমঅধিকাৰক গুৰুত্ব দিও। সেয়ে আজি মিজোৰামত মহিলাৰ সাক্ষৰতাৰ হাৰ ৮৯.৭ শতাংশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ