অসম লাইভ ২৪ঃ মৃত মাতৃৰ গৰ্ভৰ পৰা জন্ম হ’ল এটি সুস্থ-সৱল সন্তানৰ। এই অসাধ্য সাধন কৰি দেখুওৱালে কোচ বিহাৰৰ MJN মেডিকেল কলেজৰ চিকিৎসকে। কন্যাক হেৰুৱাই শোকত ভাঙি পৰা পৰিয়ালটোৰ হাতত কন্যাৰ সন্তান তুলি দিলে চিকিৎসক দলটোৱে। মৃত মাতৃৰ গৰ্ভত কেনেকৈ জীৱিত হৈ আছিল সন্তানটো?
ঘটনাটো কোচ বিহাৰৰ। চিকিৎসকে প্ৰকাশ কৰা অনুসৰি তুফানগঞ্জৰ বলৰামপুৰৰ এগৰাকী গৰ্ভৱতী মহিলাক শুকুৰবাৰে পুৱা ৯বাজি ৩০ মিনিটত MJN চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা মহিলাগৰাকীৰ হাস্পতালত ভৰ্তি কৰোৱাৰ পিছতেই লাহে লাহে স্বাস্থ্যৰ অৱনতি ঘটে। মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত তাৎক্ষণিকভাৱে চিকিৎসকে চিজাৰীয়ানৰ সিদ্ধান্ত লয়। অপাৰেছনৰ পূৰ্বে কৰা যাৱতীয় টেষ্ট সমূহ কৰি থাকোতেও ১০ বাজি ৮ মিনিটত মহিলাগৰাকীৰ মৃত্যু ঘটে।
চিকিৎসকে মাতৃৰ মৃত্যু ঘটাত গৰ্ভস্থ সন্তানটোৰ হৃদক্ৰিয়া চলি আছেনে সেয়া পৰীক্ষা কৰি অবাক হয়। কিয়নো সন্তানটো জীৱিত অৱস্থাতেই আছে। মাত্ৰ ২ মিনিটৰ ভিতৰতেই শিশুটিক মাতৃ গৰ্ভৰ পৰা ওলিয়াই আনে চিকিৎসকে। কিছু দেৰী হ’লেই সন্তানটোৰো অক্সিজেনৰ অভাৱত মৃত্যু ঘটিব পাৰে। সেয়ে তাৎক্ষণিকভাৱে অপাৰেছনৰ জৰিয়তে শিশুটিৰ জীৱন ৰক্ষা কৰে চিকিৎসক দলটোৱে। পুৱা ১০.১০ মিনিটত জন্ম হোৱা শিশুটি লৰা সন্তান বুলি প্ৰকাশ কৰিছে চিকিৎসক দলটোৱে। লগতে মাতৃৰ মৃত্যুৰ পিছত জন্মপালেও শিশুটি সম্পূৰ্ণ সুস্থ বুলি জনাইছে চিকিৎসকৰ দলটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















