কাইলৈ ৭ মে’, সমগ্ৰ দেশতে বাজিব মকড্ৰিল, মক ড্ৰিলৰ সময়ৰ কেইটামান গুৰুত্বপূৰ্ণ কথা
কাইলৈ ৭ মে’ তাৰিখ বুধবাৰে সমগ্ৰ দেশতে বাজিব মকড্ৰিল। দেশৰ খন ৰাজ্যৰ নিৰ্বাচিত ২৫৯ স্থানত বাজিব মকড্ৰিল।
এই মক ড্ৰিলৰ সময়ত মনত ৰাখিবলগা কেইটামান গুৰুত্বপূৰ্ণ কথা-
-মক ড্ৰিলৰ প্ৰট’কল নিৰ্ধাৰণ কৰিব অসামৰিক প্ৰতিৰক্ষা আৰু স্থানীয় আৰক্ষী বিষয়াই।
-যুদ্ধৰ পৰিস্থিতি অনুসৰি চাইৰেনৰ প্ৰট’কল নিৰ্ধাৰণ কৰিব অসামৰিক প্ৰতিৰক্ষা আৰু স্থানীয় আৰক্ষীয়ে।
-ৰাজহুৱা সম্বোধন ব্যৱস্থাৰ জৰিয়তে নাগৰিক প্ৰতিৰক্ষা আৰু জিলা আৰক্ষীৰ বিষয়াসকলে সাধাৰণ জনতাক যুদ্ধৰ পৰা সম্ভাৱ্য বিপদৰ বিষয়ে সতৰ্ক কৰি দিব।
-যদি আপুনি মক ড্ৰিলৰ সময়ত গাড়ী চলাই আছে তেন্তে গাড়ীখন ৰখাই নামি আহিব।
-মক ড্ৰিলৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা দোকান বন্ধ নহ’ব।
-সমগ্ৰ মহানগৰীত একেলগে মক ড্ৰিল নহ’ব।
-মক ড্ৰিলৰ সময়ত ফোন আৰু ইণ্টাৰনেট সেৱা বন্ধ নহ’ব
-ব্লেকআউটৰ মডালিটি কি হ’ব, ব্লেকআউট কিমান সময়লৈ চলিব সেয়া অসামৰিক প্ৰতিৰক্ষা আৰু জিলা প্ৰশাসনৰ বিষয়াই সিদ্ধান্ত ল’ব।
-ডাঙৰ চহৰৰ ঘৰবোৰত বাংকাৰ নাথাকে। যদি ওচৰতে ক’ৰবাত বেছমেণ্ট থাকে তেন্তে তালৈ যোৱাটো নিৰাপদ হ’ব৷
-ডাঙৰ চহৰত ৰেল ষ্টেচন, বাছ ষ্টেণ্ড, ডাঙৰ ডাঙৰ ছেক্সন আৰু ধৰ্মীয় গুৰুত্বপূৰ্ণ স্থানত ৰাজহুৱা সম্বোধন ব্যৱস্থা আছে। মক ড্ৰিলৰ সময়ত সেয়া ব্যৱহাৰ কৰিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















