মোডী কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত, জাতি-লোকপিয়ল কৰিব কেন্দ্ৰীয় চৰকাৰে
দিল্লীত মোডী কেবিনেট বৈঠকত আজি বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। কেবিনেট বৈঠকৰ বিষয়ে অৱগত কৰি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে জাতি লোকপিয়ল কৰাৰ সিদ্ধান্ত লৈছে।
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে কংগ্ৰেছ চৰকাৰসমূহে জাতি লোকপিয়লৰ বিৰোধিতা কৰিছে। ১৯৪৭ চনৰ পৰা জাতি লোকপিয়ল হোৱা নাই।
কংগ্ৰেছে জাতি লোকপিয়লৰ সলনি জাতিগত জৰীপ চলাইছিল। ইউ পি এ চৰকাৰৰ দিনত বহু ৰাজ্যই ৰাজনৈতিক দৃষ্টিকোণৰ পৰা জাতিগত জৰীপ চলাইছিল বুলি মন্তব্য় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
ইয়াকো কয় যে মূল লোকপিয়লত নিজেই জাতি লোকপিয়ল অন্তৰ্ভুক্ত হ’ব লাগে। প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ৰাজনৈতিক পৰিক্ৰমা মন্ত্ৰীসভাই সিদ্ধান্ত লৈছে যে আগন্তুক লোকপিয়লত অন্তৰ্ভুক্ত কৰি জাতি জনগণনা কৰা হব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















