অসম লাইভ২৪ঃ বিশ্বকাপৰ হাই ভল্টেজ ছেমি ফাইনেল মেচত নিউজিলেণ্ডক বিশেষ চমক দেখুৱালে মহম্মদ ছামিয়ে। পেছাৰ বলাৰ মহম্মদ ছামিয়ে ৭উইকেট লৈ ভাৰতক ফাইনেললৈ উন্নীত কৰাত বিশেষভাৱে ছামীয়ে লোৱা ৭ উইকেটেই বিশেষভাৱে সহায় কৰিছে। ছামী এতিয়া কোনোৱে চুব নোৱাৰা উচ্চতাত। ভাঙি ভাঙি জিকি অহা মানুহবোৰ এনেকুৱাই। এনে লোকক কোনোৱে ভাঙিব নোৱাৰে। ছামীয়ে জীৱনত কেতিয়াবা যদি অপমানিত হৈছে কেতিয়াবা পত্নীৰ পৰাই প্ৰতাৰিত হৈছে। সেই ছামীয়ে আজি উচ্চতাৰ শিখৰত থিয় হওঁতে সকলোৱে আকৌ ছামীৰ চৰ্চা কৰিছে।
ছামী সাধাৰণভাৱে থাকিলেও ছামীৰ চখ কিন্তু বিৰাটেই অদ্ভুত। ছামীৰ আছে বিশেষ গাড়ীৰ কালেকছন। সাধাণৰতে দামী চাৰিচকীয়া বাহনৰ কথা আহিলেই সকলোৱে কোহলি আৰু ৰোহিত শৰ্মাৰেই নাম লয়। তেওঁলোকৰ এনে বিলাসী বাহনৰ চখ আছে বুলি বহুতৰেই ধাৰণা। কিন্তু সকলোকে আচৰিত কৰি ভাৰতৰ কোনো ক্ৰিকেটাৰেই ক্ৰয় কৰিব নোৱাৰা বাহনৰ গৰাকী মহম্মদ ছামী। ভাৰতীয় ক্ৰিকেট দলৰ কোনো এজন সদস্যৰেই নাই এনে বাহন। ছামীয়ে এবছৰ পূৰ্বে ক্ৰয় কৰিছে এই বাহন। বিশ্বৰ জনপ্ৰিয় স্পৰ্টছ কাৰ Jaguar F-Type. এই স্পৰ্টছ কাৰ অত্যন্ত বিলাসবহুল কাৰ হিচাপেই পৰিচিত। ভাৰতৰ ক্ৰিকেটাৰেই নহয় বিশ্বৰ কোনো ক্ৰিকেটাৰৰ হাততেই এনে বাহন নাই। Jaguar F-Type বিলাসী হোৱাৰ ওপৰিও লুকছো পৃথক।
মহম্মদ ছামিৰ গাড়ী কালেকছন
ছামীৰ হাতত একাধিক গাড়ী থাকিলেও তেওঁৰ হাতত থকা সৰ্বাধিক দামী বাহনখনেই হৈছে Jaguar F-Type. এই বাহনৰ ওপৰিও আছে BMW 5 Series, Toyota Fortuner আৰু Royal Enfield Continental GT মটৰচাইকেল। ছামীয়ে শেহতীয়াভাৱে ক্ৰয় কৰা Jaguar F-Typeৰ কেইটামান বিশেষ তথ্য।
Jaguar F-Type ৰ ফিচাৰ্ছ আৰু স্পেকছ
বিলাসবহুল স্পৰ্টছ কাৰত আছে ২ লিটাৰ টাৰ্বো পেট্ৰল ইঞ্জিন যিয়ে সৰ্বোচ্চ ২৯৫ হৰ্ছপাৱাৰ আৰু ৪০০ এন এম টৰ্ক তৈয়াৰ কৰিব পাৰে। ইয়াৰ সৈতে আছে ৪ স্পিড অটোমেটিক ট্ৰেন্সমিছন। বজাৰত যি কূপ বা কনভাৰ্টিবল যিসমূহ বাহন আছে তাৰ মাজত Jaguar F-Typeৰ চকা সকলোতকৈ শক্তিশালী। Jaguar F-Type ৰ আৰু এটি ভাৰ্ছন আছে। য’ত ৫ লিটাৰৰ V8 ইঞ্জিন, সৰ্বোচ্চ 445 হৰ্ছপাৱাৰ যিয়ে 580 এনএম টৰ্ক তৈয়াৰ কৰিব পাৰে। ইয়াৰ সৈতে ৮ স্পিড অটোমেটিক গেয়াৰবক্স। স্পোৰ্টছ কাৰৰ দুনীয়াত সকলোতকৈ পাতল টু ছিটাৰ বাহন হিচাপেও এই বাহন পৰিচিত। এই বাহনৰ সৈতে Porsche Boxsterৰ তুলনা কৰা হয়।
এই বাহনে ০ৰ পৰা ১০০ কিঃমিঃ প্ৰতি ঘণ্টা গতি স্পৰ্শ কৰিবলৈ সময় লয় মাত্ৰ ৪.৪ ছেকেণ্ড। সৰ্বোচ্চ গতি ২৮৫ কিঃমিঃ প্ৰতি ঘণ্টা। Jaguar F-Type R 75 ভাৰ্ছনত আছে ০-১০০ কিঃমিঃ গতি তুলিব পাৰিব ৩.৫ ছেকেণ্ডত। সৰ্বোচ্চ গতি ৩০০ কিঃমিঃ প্ৰতি ঘণ্টা।
মহম্মদ ছামীৰ গাড়ীৰ দাম কিমান?
মহম্মদ ছামিৰ হাতত থকা বাহনখনৰ এক্স শ্ব-ৰুম প্ৰাইজ হৈছে ৯৮.১৩ লাখ। হোৱাইট মেটালিক, নাৰ্ভিক ব্লেক ফুজি হোৱাইট, ইণ্ডাছ ছিলভাৰ, আল্ট্ৰা ব্লু মেটাসহ একাধিক ৰঙৰ কেইবাখনো বাহন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ