অসম লাইভ২৪ঃ বিশ্বকাপৰ খিতাপ অৰ্জনৰ পৰা কেইগজ মান দূৰত্বত টীম ব্লু। ২০১১ চনতেই শেষবাৰৰ বাবে ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছিল। ট্ৰফীও জয় কৰিছিল। মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত আয়োজিত প্ৰথম ছেমিফাইনেলত টিম ইণ্ডিয়া নিউজিলেণ্ডক ৭০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ২০২৩ বিশ্বকাপৰ ফাইনেল মেচ আগন্তুক ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আয়োজন কৰা হ’ব। দ্বিতীয় ছেমিফাইনেলত যি দলে জয়লাভ কৰিব সেই দলে ফাইনেলত ভাৰতৰ বিৰুদ্ধে খেলিব। আগন্তুক ১৬ নৱেম্বৰত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত কলকাতাৰ ইডেন গাৰ্ডেন্সত দ্বিতীয় ছেমিফাইনেল মেচৰ আয়োজন কৰা হ’ব।
ভাৰত- নিউজিলেণ্ডৰ মেচতেই ভাৰতীয় ক্ৰিকেট দলৰ পেছাৰ মহম্মদ ছামিয়ে অকলেই ৭ উইকেট লৈছিল। এই মেচতেই তেওঁ মেন অফ দ্যা মেচ পুৰস্কাৰ লাভ কৰিবলৈকো সক্ষম হৈছে। পুৰস্কাৰ গ্ৰহণ কৰাৰ সময়তো কিন্তু কেন উইলিয়ামচনৰ কেচ মিছ কৰাৰ আক্ষেপ শেষ নহ’ল ছামিৰ। তেওঁ এই সন্দৰ্ভত কয়, ‘মই উইলিয়ামছনৰ কেচটো মিচ কৰিলো। মেচৰ ইমান এটা গুৰুত্বপূৰ্ণ সময়ত এই ভুল কৰাটো একেবাৰেই অনুচিত আছিল। এইয়া মোৰ ডাঙৰ ভুল হ’ল।’
উল্লেখ্য যে এইবাৰ বিশ্বকাপত প্ৰাথমিকভাৱে মহম্মদ ছামিৰ নাম ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম একাদশত ৰখা হোৱা নাছিল। কিয় তেওঁক প্রথম একাদশত ৰখা হোৱা নাছিল তাৰ উত্তৰ অৱশ্যে ভাৰতীয় ক্ৰিকেট বৰ্ডে জানিব দিয়া নাই। তেওঁ মেচ খেলিব নোৱাৰাৰ আক্ষেপ এতিয়াও তেওঁৰ দুচকুত বিৰাজমান। ছেমিফাইনেলত বিশেষ খেল দেখুওৱাৰ পাছতেই মহম্মদ ছামীয়ে কয়, ‘এই সুযোগলৈকে মোৰ অপেক্ষা আছিল। বেছিকৈ খেলাৰ সুযোগ মই নাই পোৱা। এইবাৰৰ বিশ্বকাপত এইখনেই মোৰ খেল।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ