অসম লাইভ ২৪ঃ যেন কেন্দ্ৰীয় চৰকাৰ আৰু টুইটাৰৰ মাজত বৃদ্ধি পাইছে সংঘাত! আজি পুৱা দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ পার্চনেল টুইটাৰ একাউণ্টৰ পৰা ব্লুটিক আঁতৰোৱাৰ পাছত এইবাৰ ব্লুটিক আঁতৰালে আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ টুইটাৰ একাউণ্টৰ পৰা। অৱশ্যে ভেংকায়া নাইডুৰ একাউণ্টৰ পৰা ব্লুটিক আঁতৰোৱাত আজি পুৱাৰ ভাগত দেশজুৰি সৃষ্টি হৈছিল বিবাদৰ। দুঘণ্টাৰ পাছত পুনৰ টুইটাৰে ভেৰিফাইড কৰিছিল উপ-ৰাষ্ট্ৰপতিগৰাকীৰ একাউণ্ট। পিছে মোহন ভাগৱতৰ একাউণ্টৰ পৰা কিয় ব্লুটিক আঁতৰোৱা হ’ল, এই সম্বন্ধে এতিয়াও আনুষ্ঠানিকভাৱে কোনো মন্তব্য দিয়া নাই টুইটাৰ কর্তৃপক্ষই। ইয়াৰ পূর্বেও আৰ এছ এছৰ কেইবাগৰাকীও শীর্ষ নেতাৰ একাউণ্ট আনভেৰিফাইড কৰিছিল টুইটাৰে। সুৰেশ ছ’নি, সুৰেশ যোশী আৰু অৰুণ কুমাৰৰ দৰে নেতাৰ একাউণ্টৰ পৰা আঁতৰিছিল ব্লুটিক।
আনহাতে নতুন IT নিয়মক লৈ টুইটাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত এতিয়াও চলি আছে বিবাদ। কেন্দ্ৰীয় চৰকাৰে শনিবাৰে টুইটাৰে জাৰি কৰিছে অন্তিমখন জাননী, য’ত টুইটাৰক দিয়া হৈছে শেষ সকীয়নি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















