ডিজিটেল ডেস্কঃ হঠাতে অসুস্থ হৈ পৰা অভিনেতা দ্বীপজ্যোতি কেওঁট শনিবাৰে হস্পাতালৰ পৰা উভতিল ঘৰলৈ। সুস্থ হৈ ঘৰলৈ উভতাৰ পথতে অভিনেতাগৰাকীয়ে অনুৰাগীসকলক দিলে এই ভাল খবৰটো। সামাজিক মাধ্যমত এই খবৰটো নিজৰে এখন ফটোৰ সৈতে শ্বেয়াৰ কৰি তেওঁ লিখিলে-
আপোনালোকৰ মৰম, ঈশ্বৰৰ আশীৰ্বাদত ঘৰলৈ ওভতিলো।
বহুত বহুত ধন্যবাদ আপোনালোকে মৰম আৰু আশীৰ্বাদেৰে মোক আৱৰি ৰাখিলে।
কৃষ্ণ, ঔম সাই ৰাম ।
উল্লেখ কৰা প্ৰয়োজন যে, নৱবৰ্ষৰ প্ৰথম দিনটোতে কামৰ মাজতে অসুস্থ হৈ পৰিছিল অভিনেতাগৰাকী। অসুস্থ অভিনেতাগৰাকী মহানগৰীৰ এখন ব্যক্তিগত হস্পাতালত ভৰ্তি কৰা হৈছিল। হৃদৰোগত আক্ৰান্ত হোৱা অভিনেতাগৰাকীক এক জটিল অস্ত্ৰোপচাৰৰ অন্তত কিছুদিন হস্পাতালতে ৰাখিছিল।
কেইবাদিনো ধৰি হস্পাতালৰ বিচনাতে জিৰণি লোৱাৰ পাছত সুস্থ হোৱা অভিনেতাগৰাকী শনিবাৰে উভতে নিজৰ ঘৰখনলৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ