ৰূপালী পৰ্দাত শিৱৰূপী অক্ষয়ৰ বিপৰীতে ৰনবীৰৰ ৰামায়নৰ শিৱ, কোনে পাব লাইম-লাইট
সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৰণবীৰ কাপুৰৰ পৰৱৰ্তী ছবি ৰামায়নৰ বাবে। দীপাৱলীত মুক্তি পাব ৰনবীৰৰ ৰামায়নৰ প্ৰথম খণ্ড। পাছে মুক্তিৰ পূৰ্বে ৰানবীৰৰ ৰামায়নৰ শিৱ চৰিত্ৰই দৃষ্টি কাঢ়িছে বহুতৰে। কাৰণ এইবাৰ একে সময়তে মুক্তি পাব শিৱৰ ৰূপী অক্ষয় কুমাৰৰো ছবি।
নিতেশ তিৱাৰীয়ে নিৰ্মাণ কৰিছে ৰণবীৰ কাপুৰৰ ৰামায়ণ। আনহাতে, নিমিত মালহোত্ৰা আৰু যশে যৌথভাৱে ছবিখন নিৰ্মাণ কৰি আছে। বহু অভিনেতাক বাচি বাচি এজন এজনকৈ কাষ্ট কৰা হৈছে। চৰিত্ৰ অনুযায়ী নিৰ্বাচন কৰা হৈছে বিশেষ বিশেষ লোকক।
ৰাম ৰনবীৰ হোৱাৰ বিপৰীতে সীতাৰ চৰিত্ৰত চাই পল্লৱী। তেনেদৰে ৰাৱনৰ চৰিত্ৰত KGF ফেমাচ এক্টৰ য়শ। ইয়াৰ বাহিৰেও হনুমান হৈছে ছানী দেউল। শেহতীয়াকৈ প্ৰকাশ পাইছে যে কুনাল কাপুৰে ছবিখনত ইন্দ্ৰ দেৱৰ চৰিত্ৰত অভিনয় কৰিব। যাৰ বাবে তেওঁ নিজৰ অংশৰ কাম ইতিমধ্যে কৰিছে।
পাছে এই সকলোবোৰৰ মাজতে খবৰ আহিছে শিৱৰ চৰিত্ৰৰ কথা । কোনে লাভ কৰিব এই শিৱ চৰিত্ৰ। এই সন্দৰ্ভত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰণবীৰ কাপুৰৰ ৰামায়নত শিৱৰ চৰিত্ৰত দেখা পোৱাৰ সম্ভৱনা টিভি জগতত ‘দেৱো কে দেৱ মহাদেৱ’ হিচাপে জনপ্ৰিয় হৈ পৰা অভিনেতা মোহিত ৰাইনা।
শেহতীয়াকৈ ইণ্ডিয়া ফ’ৰামত এটা প্ৰতিবেদন প্ৰকাশ পাইছে। কোৱা হৈছিল যে ৰনবীৰ কাপুৰৰ ছবিখনত মোহিত ৰাইনা প্ৰৱেশ কৰিছে। ছবিখনত মোহিতক ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। বৰ্তমান সময়ত মাচুল সম্পৰ্কীয় আলোচনা উন্নত পৰ্যায়ত চলি আছে। কিন্তু নিৰ্মাতাসকলে একো নিশ্চিত কৰা নাই।
কিন্তু ভাৰতৰ প্ৰতিঘৰ মানুহৰে অতিকে প্ৰিয় শিৱ হৈ পৰা মোহিতে যেন চৰিত্ৰটোৰ বাবেই সকলোতকৈ সঠিক কাষ্ট। যাৰ বাবে মোহিতে এই চৰিত্ৰটো কৰাৰ সম্ভৱনা অধিক।
আনহাতে অক্ষয় কুমাৰকো ভগৱান শিৱৰ চৰিত্ৰত অতি সোনকালে দেখা যাব। আহি আছে অক্ষয়ৰ কানাপ্পা। যদিও অভিনেতাজনৰ এই শিৱ চৰত্ৰ কেমিঅ’ হ’ব, তথাপি বহুল চৰ্চিত হৈছে অক্ষয়। যদিহে ৰাামায়নত মোহিত শিৱ হয়, তেন্তে এইবাৰ ৰূপালী পৰ্দাত অক্ষয় কুমাৰ আৰু মোহিত ৰাইনাৰ মাজত প্ৰত্যক্ষ প্ৰতিযোগিতা দেখা যাব। এতিয়া অনুৰাগীক কোনে বেছি আপ্লুত কৰে সেয়া হ’ব লক্ষ্যণীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















