অসম লাইভ ২৪ঃ প্ৰায়লোকৰেই শৰীৰত তিল থাকে। শৰীৰৰ কিছু স্থানত তিল থকাটোক শুভ বুলি গণ্য কৰে জ্যোতিষ শাস্ত্ৰইয়ো। কিন্তু কোন স্থানত তিল থকাটো শুভ বুলি গণ্য কৰা হয় জানেন? পুৰুষ-মহিলাৰ ক্ষেত্ৰত এইয়া পৃথক পৃথক। তিলৰ আকাৰক লৈয়ো এই নিৰ্ণয় কৰা হয়।
পুৰুষৰ ক্ষেত্ৰত শৰীৰৰ সোঁফালে তিল থাকিলে ভাল বুলি গণ্য কৰা হয়। পুৰুষৰ বাওঁফালে তিল থকাটো কিন্তু অশুভ বুলি গণ্য কৰে জ্যোতিষ শাস্ত্ৰই। কিছু সংখ্যকৰ আকৌ তিলৰ ওপৰতো নোম থাকে। নোম থকা তিল ভাল বুলি গণ্য কৰা নহয়। এই ধৰণৰ তিলে সমস্যাৰ ইংগিত দিয়ে। ডিম্বাকাৰ তিল কেৰিয়াৰত উন্নতি হোৱাৰ লক্ষণ বুলি ধৰা হয়। ঘূৰণীয়া তিলে ভাল ব্যক্তিত্ব বুজায়। আনহাতে ডাঙৰ তিল থকা লোকসকলৰ আত্মবিশ্বাস কম।
পুৰুষৰ কঁপালৰ সোঁফালে তিল থকা মানে কোনো এক বিষয়ত তেনে পুৰুষ খুবেই পাৰ্গত। এনে লোকৰ মগজু অতি দ্ৰুত গতিত চলে। আনহাতে মূৰৰ বাওঁফালে তিল থকা লোক অত্যাধিক খৰচী হয়। নাৰীৰ ক্ষেত্ৰত আকৌ এয়া পৃথক হয়। নাৰীৰ মূৰৰ বাওঁফালে তিল থকাটো শুভ লক্ষণ।
পুৰুষৰ সোঁ চকুৰ পতাত তিল থাকিলে বৈবাহিক জীৱন সুখৰ হয় বুলি গণ্য কৰা হয়। বাওঁফালে তিল থাকিলে সম্পৰ্কত উত্তেজনা থকা বুলি গণ্য কৰা হয়। কঁপালৰ মাজত তিল থাকিলে তেনে পুৰুষ-মহিলা ভাল মানসিকতাৰ হয় বুলি শাস্ত্ৰই ক’ব খোজে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















