‘মালিচ ভাল লাগিছেনে’ দুধনৈত মহাকৰ কামনাৰ বলি ভাগিনী
ৰাজ্যত পুণৰ মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। মহাকৰ কামনাৰ বলি ভাগিনী। এই ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ দুধনৈত। মহাক মাহীয়েকৰ ঘৰলৈ বুলি মাতৃ আৰু ভাতৃৰ সৈতে ফুৰিবলৈ গৈছিল ভুক্তভোগী কিশোৰী।
মাতৃ আৰু মাহীয়েকৰ উপস্থিতিতেই মহাকে ধৰ্ষণৰ চেষ্টা চলালে ভাগিনীয়েক। লগে লগে হাহাকাৰ লাগি যায় চাৰিওফালে।
আৰক্ষীৰ ওচৰতো ৰুজু কৰা হয় গোচৰ। গোচৰ ৰুজুৰ পাছতে অভিযুক্তৰ সন্ধানত আৰক্ষী। পাছে বৰ্তমানলৈ পলাতক অভিযুক্ত দীপক দাস (ভাইটি)।
গোৱালপাৰা জিলাৰ দুধনৈত সংঘটিত হৈছে এই ঘটনা। মহাকৰ কামনাৰ বলি এগৰাকী কিশোৰী ৷ অভিযুক্তৰ বিৰুদ্ধে দুধনৈ থানাত এজাহাৰ দাখিল ভুক্তভোগী কিশোৰীৰ পিতৃ-মাতৃৰ ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ আত্মীয় আৰু স্থানীয় মহিলা সকলে অভিযোগ উত্থাপন কৰি কয় যে- আঠ ছেপ্তেম্বৰত সংঘটিত হয় এই ঘটনাটো।
উক্ত দিনা ভুক্তভোগী কিশোৰী গৰাকীসহ পিতৃ-মাতৃয়ে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ নিকটাত্মীয় গৰাকীৰ ঘৰলৈ যায়। নিশাৰ ভাগত পাকঘৰত ভুক্তভোগীৰ মাতৃ আৰু মাহীয়েকে ভাত ৰান্ধি থকাৰ সময়ত সুযোগ গ্ৰহণ কৰি পঞ্চাশ উৰ্ধৰ দীপক দাস নামৰ লম্পদ জনে কিশোৰী গৰাকী শুই থকা কোঠালীলৈ যায় আৰু প্ৰথমে লাইট অফ কৰি কিশোৰী গৰাকীক যৌন আতিশয্য চলাই ধৰ্ষণ কৰিবলৈও উদ্যত হয় বুলি জানিব পৰা গৈছে ৷
তেনে সময়তে কিশোৰী গৰাকী কোঠালীৰ পৰা দৌৰি পলায়ন কৰে৷ তাৰ পিছতে পিতৃ-মাতৃক সকলো কথা অৱগত কৰে ৷ কন্যাৰ পৰা এই কথা জানিব পাৰি পিতৃ-মাতৃয়ে স্থানীয় মহিলা সকলক লগত লৈ আজি দুধনৈ থানাত এখন এজাহাৰ দাখিল কৰে৷ ইতিমধ্যে আৰক্ষীয়ে এজাহৰৰ ভিত্তিত ৭৫/২০২৪ নং গোচৰটো ৰজু কৰে ৷ ভুক্তভোগী কিশোৰী গৰাকীকো স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হয় বুলি জানিব পৰা গৈছে ৷
ইফালে কিশোৰী গৰাকীৰ পিতৃ-মাতৃৰ অভিযোগ অনুসৰি দীপক দাসক দুধনৈ আৰক্ষীয়ে বিচাৰি থকা বুলিও জানিব পৰা গৈছে ৷ এই ক্ষেত্ৰত ভূক্তভোগী পৰিয়ালটোৱে দোষীক দৃষ্টান্তমুলক শাস্তি প্ৰদানৰো দাবী কৰিছে ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















