অসম লাইভ২৪ঃ ২৭ নৱেম্বৰত সোমবাৰে চন্দ্ৰই বৃষ ৰাশিৰ গোচৰ কৰিছে। ইয়াৰোপৰি আগন্তুক সময়ত শিৱ যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগত একাধিক শুভ যোগৰ প্ৰভাৱ থাকিব। ইয়াৰোপৰি সোমবাৰে প্ৰথমে কৃত্তিকা নক্ষত্ৰ আৰু ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱো পৰিব। হিন্দুধৰ্ম অনুসৰি এই দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ দিন। ২৭ নৱেম্বৰত পালিত হ’ব ৰাস পূৰ্ণিমা আৰু ৰাস উৎসৱ। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোতেই শ্ৰী ৰাধা আৰু গোপিনীসকলৰ সৈতে ৰাসলীলা কৰিছিল শ্ৰীকৃষ্ণই। আমাৰ ৰাজ্যৰ ওপৰিও নৱদ্বীপ আৰু উত্তৰ প্ৰদেশৰ মথুৰা, বৃন্দাবনটো ৰাসোৎসৱ পালন কৰা হয়। ৰাস পূৰ্ণিমাত ৰাধা আৰু কৃষ্ণৰ পূজা কৰা হয়। জ্যোতিষ গণনা অনুসৰি এই শুভ দিনত ৫ ৰাশিৰ জাতকৰ জীৱনলৈ সৌভাগ্য হ’ব। জানি থওক শ্ৰী কৃষ্ণৰ কৃপাত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকে।
মেষ ৰাশি
আগন্তুক সময়ত আপুনি যি কামতেই হাত দিব সফলতা পাবই। সমাজত আপোনাৰ সুনাম বৃদ্ধি পাব। আপোনাৰ কামত পৰিয়ালৰ সদস্যসকলে আপোনাক লৈ গৰ্ব কৰিব। সপ্তাহৰ প্ৰথম দিনাই আপুনি মোটা আৰ্থিক ধন লাভ কৰিব। কাল সন্ধিয়াবেলা অশ্বত্থ গছৰ তলত এটা প্ৰদীপ জ্বলাব।
বৃষ ৰাশি
সোমবাৰে সন্তানৰ সাফল্যৰ কাৰণে গৰ্বিত আৰু আনন্দিত হ’ব বৃষ ৰাশিৰ জাতকে। বৃষ ৰাশিৰ ছাত্ৰ-ছাত্ৰীয়ে কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত বহিলে ভাল ফল লাভ কৰিব। আপুনি জাগতিক সুখ আৰু স্বাচ্ছন্দ্য লাভ কৰিব। প্ৰেমত নতুন কিছু অভিজ্ঞতা লাভ কৰিব বৃষ ৰাশিৰ জাতকে। কাল তীৰ্থ দৰ্শন কৰিব পাৰে। শ্ৰী কৃষ্ণক মাখন আৰু চেনী নিবেদন কৰিব।
মিথুন ৰাশি
সোমবাৰে মিথুন ৰাশিৰ জাতকসকলৰ কামত সুখী হ’ব ঊৰ্ধতন কৰ্তৃপক্ষ। কাৰ্যালয়ত আপোনাৰ প্ৰতিপত্তি বাঢ়িব। সন্ধিয়া সময়ত পৰিয়াল আৰু বন্ধুৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে। সন্তান সংক্ৰান্তীয় কোনো সমস্যা থাকিলে আঁতৰিব। আইনী কোনো প্ৰক্ৰিয়াত সোমাই পৰিলে পিতৃৰ সহায় লওক।
কৰ্কট ৰাশি
সোমবাৰে সৰ্বাৰ্থ সিদ্ধি যোগত ভাল দিন কটাব কৰ্কট ৰাশিৰ জাতকে। সন্ধিয়া আপোনাৰ পৰিয়ালত কোনো পাৰ্টী চলিব পাৰে। জীৱনসংগীৰ সৈতে শ্বপিং কৰিব পাৰে।
বৃশ্চিক ৰাশি
সোমবাৰে ৰাসপূৰ্ণিমাত শ্ৰী কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে। শহুৰৰ ঘৰৰ পৰা আপুনি উপহাৰ লাভ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ জাতকৰ মনত সুখ শান্তিয়ে বিৰাজ কৰিব। ধৰ্মীয় বিষয়ৰ প্ৰতি আপুনিও আগ্ৰহী হ’ব পাৰে। অবিবাহিত সকলে সংগী লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ