ভয়ংকৰ ভূমিস্খলন, একেলগে প্ৰাণ হেৰুৱালে ২২৯ লোকে, মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা
স্থানীয় কৰ্তৃপক্ষৰ তথ্য অনুসৰি সোমবাৰে দক্ষিণ ইথিওপিয়াৰ এটা দুৰ্গম অঞ্চলত দুটাকৈ ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ২২৯ জনলৈ বৃদ্ধি পাইছে।
গোফা মণ্ডলৰ যোগাযোগ পৰিক্ৰমা বিভাগে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি মৃত্যু হোৱা লোক সকলৰ ভিতৰত ১৪৮ গৰাকী পুৰুষ আৰু ৮১ গৰাকী মহিলা। এই মৃত্যু হোৱা সকলৰ ভিতৰত শিশুও আছে বুলি জানিব পৰা গৈছে।
ইয়াৰ পূৰ্বে হাবতামু ফেটেনা নামৰ এজন স্থানীয় বিষয়াই চৰকাৰী সম্প্ৰচাৰক ইথিওপিয়ান ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যনক জনাইছিল যে মৃত্যু হোৱা লোকসকলৰ ভিতৰত শিশুও আছে আৰু মৃত্যুৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
বিষয়াসকলে জনোৱা মতে, প্ৰৱল বৃষ্টিপাতৰ ফলতে এই দুটাকৈ ভূমিস্খলন সংঘটিত হৈছে। প্ৰথমটো ভূমিস্খলনত বহুত মানুহ জীৱন্তে সমাধিস্থ হৈ যায়। সেই সকল লোকক উদ্ধাৰৰ বাবে নামি পৰোতে আন এক ভূমিস্খলন হৈ উদ্ধাৰৰ বাবে নামি পৰা আন কেইবাজনো লোকৰ প্ৰাণ কাঢ়ি লৈযায় বুলি বাতৰিত প্ৰকাশ পাইছে।
জ’নটোৰ এজন প্ৰশাসক ডাগমাৱি আয়েলে সদৰি কৰা মতে, বোকাত আৱদ্ধ হৈ থকা পাঁচজন লোকক সুকলমে উদ্ধাৰ কৰা হৈছে আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আনহাতে স্থানীয় জনসাধাৰণে অধিক জীৱিত লোক সেই মাটিৰ ভিতৰত আৱদ্ধ হৈ থকা বুলি সন্দেহ প্ৰকাৰ কৰিছে।
ভূতাত্ত্বিক জৰীপৰ মতে ইথিওপিয়াত বাৰিষা কালত ভূমিস্খলনৰ প্ৰৱণতা বৃদ্ধি পায়। দক্ষিণ অঞ্চলকে ধৰি দেশখনৰৰ কিছু অংশত ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীয়ে হাজাৰ হাজাৰ লোকক স্থানচ্যুত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















