বিষাক্ত সাপে এজন ব্যক্তিক ২০০ বাৰতকৈও অধিক দংশন কৰাৰ পিছতো জীয়াই আছে। এই বিষাক্ত সাপবোৰৰ ভিতৰত মাম্বাৰ পৰা কোব্ৰালৈকে আছে।
উল্লেখনীয় কথাটো হ’ল যে লোকজনে ইচ্ছাকৃতভাৱে এই বিষাক্ত সাপবোৰেৰে নিজক দংশন কৰোৱাইছিল৷ টিম ফ্ৰাইড নামৰ লোকজনে বিশ্বৰ পোন প্ৰথমে ইউনিভাৰ্চেল এণ্টি-ভেনম প্ৰস্তুত কৰাৰ বাবে এই বিপদজনক কাম কৰি আহিছে৷
৫৩ বছৰীয়া এই টিম ফ্ৰাইড বৰ্তমান আমেৰিকাৰ উইচকনচিনৰ নিৱাসী। লোকজনে তেওঁৰ ঘৰত বহু প্ৰকাৰৰ সাপ ৰাখিছিল। আৰু এইদৰেই তেওঁ ইচ্ছাকৃতভাৱেই নিজৰ শৰীৰl সৰ্প দংশন কৰাই আছিল৷
লগতে পঢ়ক কংগ্ৰেছতো এতিয়া হিন্দু-মুছলমানৰ ৰাজনীতি! দলীয় সংঘাতৰ আঁৰত সাম্প্ৰদায়িক স্থিতি!
তেওঁ প্ৰকাশ কৰা মতে সৰ্পই দংশন কৰিলেও তেওঁৰ শৰীৰত বিশেষ প্ৰভাৱ পৰা নাছিল৷ কিন্তু ২০০১ চনত দুটা বিষাক্ত ক’ব্ৰাই দংশন কৰাৰ পিছতে টিম ফ্ৰাইডে মৃত্যু দুৱাৰ দলিত উপস্থিত হৈছিল৷
২০০১ চনৰ সেই ঘটনাক সুঁৱৰি টিম ফ্ৰাইডে নেচনেল জিঅ’গ্ৰাফীক কয় ‘‘১ ঘণ্টাৰ ভিতৰতে অগা পিছাকৈ দুটা বিষাক্ত ক’ব্ৰাই দংশন কৰিছিল৷ মই প্ৰায় মৰিয়েই গৈছিলো৷ কথাটো একেবাৰে ধেমালি নাছিল৷’’
‘‘মোৰ শৰীৰত ইমানহে ইমিউনিটি আছিল যে এটা সাপৰহে দংশন সহ্য কৰিব পাৰিছিলো, কিন্তু দুটাৰ নহয়৷ সৰ্পৰ দংশনৰ পিছতে মোক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু ৪ দিন ক’মাত থাকো৷’’ টিম ফ্ৰাইডে কয়৷
লগতে পঢ়ক দেশত শীঘ্ৰেই আৰম্ভ হ’ব 5G ইন্টাৰনেট সেৱা, ইয়াৰ স্পীড হ’ব কেনেকুৱা?
চিকিৎসালয়ত চেতনা ঘূৰি অহাৰ পিছতে টিম ফ্ৰাইডে সাপৰ গৱেষণা কৰিবলৈ আৰম্ভ কৰে৷ বৰ্তমান টিম ফ্ৰাইড চেণ্টিভেক্সৰ কেলিফৰ্ণিয়া ভেকচিনেচন ৰিচাৰ্চ কোম্পানীৰ হাৰ্পেট’লজীৰ সঞ্চালকৰ পদত কাৰ্যনিবাহ কৰি আছে।
গৱেষণাৰ সময়ত টিমে নিজকে ২০০ বাৰতকৈও অধিক বিষাক্ত সাপক দংশন কৰোৱাইছে। তেওঁ এটা ইউনিভাৰ্চেল এন্টি-ভেনম বনাব বিচাৰে যাতে যিকোনো সৰ্পৰ দংশনৰ চিকিৎসা কৰিব পৰা যায়।
লগতে পঢ়ক Google Map: আমেৰিকা জাপানৰ সৈতে একে শাৰীতে ভাৰত, ভাৰতক কি সুবিধা দিছে গুগলে?
টিমে আৰু কয়, ‘‘যেতিয়াই সাপে কামোৰে, তেতিয়াই বহুত বিষ হয়। যেন একেলগে ১০০ টা মৌমাখিয়ে কামুৰিছে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বছৰি প্ৰায় ৫৪ লাখ লোকক সাপে কামোৰে। ইয়াৰে ৮১ হাজাৰৰ পৰা ১ লাখ ৩৮ হাজাৰ লোকৰ মৃত্যু হয়।’’
ইফালে, ২০২০ বৰ্ষত কৰা এক অধ্যয়ন অনুসৰি ২০০০ চনৰ পৰা ২০১৯ চনৰ ভিতৰত সৰ্প দংশনৰ ফলত ১২ লাখ লোকৰ মৃত্যু হৈছিল। অৰ্থাৎ প্ৰতি বছৰে গড়ে ৫৮ হাজাৰ লোকৰ মৃত্যু হৈছিল। ইয়াৰে এক চতুৰ্থাংশ আছিল ১৫ বছৰতকৈ কম বয়সৰ লোক। টিমে কয় যে এই সংখ্যাবোৰৰ বাবেই তেওঁলোকৰ কাম গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ