বিয়া কৰাব আহি দৰাৰ লটিঘটি, কইনাৰ খুৰীয়েকৰ সৈতে প্ৰেম, ৰভাতলিতে দৰাক দিলে পিটন
এইখন অসমতে সংঘটিত হৈছে এক আজৱ গজৱ প্ৰেম কাহিনী। বিয়া ঠিক হৈছে অন্যৰ সৈতে প্ৰেম অন্যৰ সৈতে। পাছে এইখিনিতে আজৱ প্ৰেম। কাৰণ প্ৰেম কইনাৰ খুৰীয়েকৰ সৈতে।
কিন্তু তথাপি দৰাই বিয়া কৰাব বিয়া ঠিক হোৱা কইনাক। সেই উদ্দেশ্যে আজি বিয়া ঠিক হোৱা দিনটোতে বিয়া কৰাবলৈ বুলি আহে কইনাঘৰলৈ।
কিন্তু কইনা নিবলৈ আহি দৰাৰ লটিঘটি। দৰাৰ সাজ পৰিধান কৰি অহা যুৱকক কইনাঘৰৰ মানুৱে গৰুৰ পঘাৰে বান্ধি পিটন দিয়ে।
ৰভাতলীৰ পৰিৱৰ্তে দৰাক পিটন দি বহুৱাই ৰাখে ধান ভঙা মেচিনৰ হলাৰত। এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ চেতুৱাই খাইতি গাঁৱত।
গাঁৱখনৰ হাতেম আলী নামৰ লোকগৰাকীৰ কন্যাৰ পূৰ্ব নিৰ্ধাৰিত দিন তাৰিখ মতে আজি বিবাহ হ’বলগীয়া আছিল। ইমানলৈ ঠিকেই আছিল। বৰযাত্ৰী লৈ দৰাই কইনা ঘৰৰ পদূলি পাওঁতেই সৃষ্টি হয় লংকা কাণ্ড। দুই ফৈদৰ মাজত সংঘটিত হয় তয়াময়া ৰণ।
ঘটনাৰ বিৱৰণী অনুসৰি, দৰাৰ আছিল কইনাৰ খুৰীয়েকৰ সৈতে অবৈধ সম্পৰ্ক। যাৰ ফলত আজি বিয়াৰ সাজত অহা দৰাক কইনাৰ খুৰাকৰ পৰিয়ালে গৰুৰ পঘাৰে হাত ভৰি বান্ধি পিটন দিয়ে।
পৰৱৰ্তী সময়ত ঘটনা স্থলীত উপস্থিত হয় লাহৰীঘাট আৰক্ষী। দৰা কইনাসহ দুয়ো পক্ষৰ কেইবাজনো লোকক আটক কৰি লৈ আনে থানালৈ ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ