মাতৃ দিৱসৰ দিনাই মাতৃয়ে কণমানি পুত্ৰৰ প্ৰাণ কাঢ়ি ভৰাই থ’লে ট্ৰলী বেগত
আজি ১১ মে’ মাতৃ দিৱস। প্ৰতিগৰাকী মাতৃৰ সন্মানৰ বাবে উৎসর্গিত এই দিন। পাছে এই মাতৃ দিৱসৰ দিনাই সংঘটিত হৈছে মাতৃৰ নামত কলংক সনা এগৰাকী মাতৃৰ কু-কাণ্ড। কণমানি ১০ বছৰীয়া পুত্ৰৰ প্ৰাণ কাঢ়ি মাতৃয়ে ভৰাই থলে ট্ৰলী বেগত।
গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই ঘটনা। পাষাণ মাতৃৰ হাতত প্ৰাণ গ’ল কণমানি পুত্ৰৰ। পাষাণ মাতৃয়ে অতি নৃশংসভাৱে হত্যা কৰিলে ১০ বছৰীয়া সন্তানক।
মাতৃ আৰু অবৈধ প্ৰেমিকে মিলি হত্যা কৰিলে শিশুটিক। হত্যা কৰি সন্তানৰ নিথৰ দেহ ভৰাই থলে এটা ট্ৰলী বেগত। ট্ৰলী বেগটোৰ পৰাই উদ্ধাৰ শিশুটিৰ মৃতদেহ।
গুৱাহাটী মহানগৰীত সংঘটিত ৰাজ্য কঁপোৱা এই হত্যাকাণ্ড। মহানগৰীৰ বশিষ্ঠৰ নিৰ্জন স্থানত উদ্ধাৰ ট্ৰলী বেগটো তথা শিশুটিৰ মৃতদেহ। বশিষ্ট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, পাষাণ মাতৃ দিপালী ৰাজবংশী আৰু অবৈধ প্ৰেমিক জ্যোতিৰ্ময় হালৈৰ এই ভয়ংকৰ কাণ্ড। দিপালী ৰাজবংশীৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল। বিচ্ছেদৰ পাছতে প্ৰেম গঢ়ি উঠিছিল জ্যোতিৰ্ময় হালৈৰ সৈতে। সেই প্ৰেমৰ পৰিণতিতেই সংঘটিত হয় এই ঘটনা।
আৰক্ষীয়ে সদৰি কৰা অনুসৰি, জয়ানগৰ আলোক পথৰ পৰা নিৰুদ্দেশ হৈ আছিল শিশুটি। কালি সন্ধিয়াৰ বতাহ ধুমুহাৰ ফলত কাৰেন্ট নথকাৰ সুযোগ লৈ পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















