তাইৰ শৰীৰত কেৱল এখন কাপোৰ আছিল, হাত ভঙা আছিল, চকু-মুখেৰে…মাতৃয়ে কি পৰিস্থিতিত দেখিছিল কন্যাক
কি হৈছিল সিদিনা কলিকতাৰ হাস্পতালত। হঠাতে হাস্পতালৰ পৰা ফোন আহে মাতৃলৈ, কন্যাৰ বেমাৰ সোনকালে হাস্পতাললৈ আহিব লাগে। পিতৃ-মাতৃ দুয়ো হাস্পতালত উপস্থিত হোৱাৰ পাছতে খবৰ লাভ কৰে যে, কন্যাই নিজকে শেষ কৰি দিছে।
কিন্তু বহু দেৰিলৈ চাবলৈ দিয়া হোৱা নাছিল কন্যাৰ মৃতদেহ। পুৱাৰ পৰা দুপৰীয়ালৈ অপেক্ষা কৰে কন্যাক চাবলৈ। ৩ মান বজাতহে কন্যাৰ মৃতদেহ চাবলৈ অনুমতি দিয়ে পিতৃ-মাতৃক। কিন্তু ই কি- কন্যাৰ মৃতদেহ দেখি ভৰিৰ তলৰ মাটি নোহোৱা হৈ পৰে দুয়ো পিতৃ-মাতৃৰ।
আত্মহত্যা কৰিলে শৰীৰত কেৱল এখন হে কাপোৰ থাকে নেকি। সৰ্বশৰীৰতে তেজৰ চেকুৰা। কঁপি উঠে মাতৃৰ হৃদয়। কন্যাৰ শৰীৰত কেৱল এখন কাপোৰ, শৰীৰৰ নিম্নাংশত একো কাপোৰ নাই। হাত এখন ভঙা। চকু আৰু মুখত তেজৰ ধাৰা। সৰ্বশৰীৰতে আঘাতৰ চিন স্পষ্ট।
আত্মহত্যা নহয়, ই দেখ দেখকৈ হত্যা। হাস্পতালে লুকুৱাবলৈ চেষ্টা কৰা এটা ভয়ংকৰ তথা জঘন্য হত্যাকাণ্ড। আজি কলিকতাৰ এক প্ৰতিবাদত অংশ লৈ মাতৃয়ে কান্দি কান্দি কৈ উঠিল একমাত্ৰ কন্যাৰ শেষ দৃশ্যৰ কথা।
মমতা বেনাৰ্জী, চৰকাৰ, প্ৰশাসন, আৰক্ষী, হাস্পতাল সকলো জড়িত থকাৰ অভিযোগ কলিকতাৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা কনিষ্ট চিকিৎসকৰ দুৰ্ভগীয়া মাতৃৰ। কোনেও যাতে প্ৰতিবাদতো নামিব নোৱাৰে তাৰ বাবে চৰকাৰে ১৪৪ ধাৰাও লগোৱা বুলি অভিযোগ মাতৃৰ। কেৱল এজনকে আটক কৰি আৰক্ষীয়েও দায়িত্ব সামৰাৰ অভিযোগ মাতৃৰ। তদন্ত অতিকে লেহেমীয়া হোৱাৰ আক্ষেপ প্ৰকাশ কৰে মাতৃগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















