স্বামীয়ো লাগে প্ৰেমিকো লাগে, জেদ ধৰি মহিলা উঠি গ’ল বিদ্যুতৰ খুটাত
প্ৰেম অনন্য, এজনকো এৰিব নোৱৰি। স্বামীকো লাগে প্ৰেমিককো লাগে। দুয়োজনকে ভায় পায় মহিলাই। ইয়াৰ বাবে স্বামীৰ ওচৰত জেদ, একেখন ঘৰতে ৰাখিব প্ৰেমিককো। পাছে স্বামীয়ে নামানে এই কথা।
যাৰ বাবেই খং কৰি জেদ ধৰি ঘৰৰ পৰা ওলাই গৈ হাই ভল্টেজৰ বিদ্যুতৰ খুটাত উঠিলগৈ মহিলা। ঘটনাই লগে লগে তোলপাৰ লগাই দিলে চাৰিওফালে।
উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ পৰা আহিছে এই খবৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ৩ সন্তানৰ ৩৪ বৰ্ষীয় মহিলা প্ৰেমত পৰে এগৰাকী অন্য পুৰুষৰ সৈতে। পাছে ৩৫ বৰ্ষীয় স্বামীকো সমানে ভাল পায় মহিলাই।
সেয়ে কাকো এৰিব নোৱাৰি উপায়বিহীন হৈ স্বামীৰ ওচৰত জেদ পাতে প্ৰেমিককো আনে ঘৰলৈ। কোনোমতে দিন হাজিৰা কৰি ৩ সন্তানৰ সৈতে পৰিয়াল পোহপাল দি থকা স্বামীয়ে পত্নীৰ এই কাৰ্যত খং কৰাত ওলোটাই পত্নীৰ হে খং।
কোনোমতে সৈমান নহয় পত্নী। একেখন ঘৰতে এতিয়া প্ৰেমিককো আনে। সেয়ে স্বামীক মনাবলৈ বুলি জেদ ধৰি ওলাই যায় ঘৰৰ পৰা, আৰু ওলাই গৈ পোনে পোনে উঠি যায় এটা হাই ভল্টেজ বিদ্যুতৰ খুটাত।
ভাগ্য ভাল সেই বিদ্যুতৰ খুটাত মহিলা উঠাৰ সময়ত নাছিল বিদ্যুতৰ সংযোগ। কিন্তু লগে লগে হুৱা দুৱা লাগি যোৱাত ঘটনাস্থলীত বিদ্যুতৰ মানুহ আহি উপস্থিত হয়। আৰু স্থানীয় লোকৰ সহযোগত কোনোমতে মহিলাগৰাকীক সেই খুটাৰ পৰা নমাই আনে।
আৰক্ষীয়ো উপস্থিত হয় ঘটনাস্থলীত। মহিলাগৰাকীক পাছত কোনোমতে বুজাই বঢ়াই স্বামীৰ লগতে ঘৰলৈ উভতাই পঠিয়ায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ