অসম লাইভ২৪ঃ বিজেপি নেতাৰ পুত্ৰই আদিবাসী শ্ৰমিকৰ মূৰে-গায়ে প্ৰস্ৰাৱ কৰাৰ ঘটনাক লৈ উত্তাল হৈ আছে মধ্যপ্ৰদেশ। বিজেপি দলক প্ৰভাৱ পেলাইছে এই বিষয়টোৱে। বিষয়টোক লৈ বিৰোধীমহলেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইতিমধ্যে বিজেপি নেতা প্ৰৱেশ শুক্লাৰ বিৰুদ্ধে কঠোৰ হৈঠে মধ্যপ্ৰদেশ প্ৰশাসন। তাৎক্ষণিকভাৱে প্ৰৱেশৰ ঘৰত বুলডোজাৰ চলোৱাৰ ওপৰিও গ্ৰেপ্তাৰ কৰিছে প্ৰৱেশক। এই ঘটনাক লৈ যাতে চৰকাৰৰ ভাৱমূৰ্তী নষ্ট নহয় তাৰবাবে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যই চকু কঁপালত তুলিছে বহুজনৰ।
আদিবাসী শ্ৰমিক দশমত ৰাওতক ক্ষমা খুজিছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। দশমতক ঘৰলৈ মাতি ভৰি ধুৱাই ক্ষমা খুজিছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। কেৱল ভৰি ধুৱাই দিয়াই নহয় নিজ হাতে খাদ্যও খোৱাইছে দশমতক। দশমতক ঘৰলৈ মাতি ‘অতিথি আপ্যায়ন’ৰ সমগ্ৰ বিষয়টোক নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে শিৱৰাজ সিং চৌহানে।https://twitter.com/ANI/status/1676820004296327169?s=20
এই বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰাক লৈ আচৰিত হৈছে দশমতো। মুখ্যমন্ত্ৰীয়ে তেওঁৰ জোতা নিজহাতে খুলি দিয়াত আচৰিত ইতস্ততবোধ কৰিছে দশমতে। ভিডিঅ’ত দেখা অনুসৰি শিৱৰাজ সিং চৌহানে জোৰ কৰিয়েই দশমতৰ জোতা নিজ হাতে খুলিছে। মুখ্যমন্ত্ৰী চৌহানে দশমতক কৈছে, ‘বিশেষ ভিডিঅ’টো দেখি মই ব্যথিত হৈছো। মই ক্ষমা বিচাৰিছো। আপোনালোকৰ দৰে মানুহ আমাৰ বাবে ঈশ্বৰ।’
উল্লেখ্য যে তিনিদিন পূৰ্বে এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছিল। ভিডিঅ’টোত দেখা গৈছিল যে এজন ব্যক্তিয়ে এগৰাকী আদিবাসী ব্যক্তিৰ গায়ে মুখে প্ৰস্ৰাৱ কৰিছে। সেই ভিডিঅ’ ভাইৰেল হোৱা মাত্ৰকেই মধ্যপ্ৰদেশৰ লগতে দেশজুৰি বিজেপি দলৰ কিছু কৰ্মীৰ নিকৃষ্ট কাণ্ডৰ কথা চৰ্চা হৈছিল। ভাইৰেল ভিডিঅ’ত প্ৰস্ৰাৱ কৰা ব্যক্তিৰ নাম প্ৰৱেশ শুক্লা। বিগত ৪ জুলাইত এই ঘটনা। ঘটনাৰ স্থান মধ্যপ্ৰদেশৰ ছিধি জিলাৰ কুবৰি গাওঁ।
স্থানীয় কেইবাটাও সূত্ৰই দাবী কৰামতে, প্ৰৱেশ এগৰাকী সক্ৰিয় বিজেপি কৰ্মী আছিল। বিজেপি বিধায়ক কেদাৰনাথ শুক্লাৰ খুবেই ঘনিষ্ঠ আছিল প্ৰৱেশ। অৱশ্যে বৰ্তমানো প্ৰৱেশে এই কাৰ্য তেওঁ কৰা বুলি স্বীকাৰ কৰা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ