অসম লাইভ২৪ঃ আন্তৰ্জাতিক ক্ৰিকেটত প্ৰাক্তন হ’লেও, ক্ৰিকেটত তেওঁ প্ৰাক্তন নহয়। আইপিএলত এতিয়াও পূণ্যৰ্দমেই খেলি আছে মহেন্দ্ৰ সিং ধোনীয়ে। সকলো ঠিকেঠাকে থাকিলে আগন্তুক বৰ্ষৰ আইপিএলতো থাকিব ধোনী। খেলৰ জগততেই নহয় উপাৰ্জনৰ দিশেৰেও পিছপৰা নহয় মাহি। এম এছ ধোনীৰ জন্মদিনত আকৌ এবাৰ ভাইৰেল হৈছে ধোনীৰ সম্পত্তিৰ পৰিমান।
বিগত দুবছৰত ঝাৰখণ্ডত সকলোতকৈ বেছি আয় দিয়া ব্যক্তিয়েই হৈছে ধোনী। ২০০৪ চনত আন্তৰ্জাতিক ক্ৰিকেটত কেৰিয়াৰ আৰম্ভ কৰিছিল ধোনীয়ে। ২০০৮ ৰ পৰা আৰম্ভ হৈছে আইপিএল। উদ্বোধনীৰ পৰাই ধোনীয়ে আইপিএল খেলি আহিছে। অধিনায়ক হিচাপেও তেওঁ আইচিচি ট্ৰফি, আইপিএলত ৫বাৰ চেম্পিয়ন। কিন্তু ইমান সফল কেৰিয়াৰৰ গৰাকী ধোনীৰ উপাৰ্জন কিমান?
ক্ৰিকেটত যেনেদৰে সফল তেনেকৈ ধোনী আৰ্থিকভাৱেও অতি সফল এজন ব্যক্তি। ধোনীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১২৭ বিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত সেই ধনৰ পৰিমান প্ৰায় ১০৪০ কোটি। কেইবাটাও বৃহৎ মাৰ্কেটত ধোনীৰ শ্বেয়াৰ আছে। ধোনীৰ আছে নিজা মেনছনো। ধোনীয়ে য’ত বাস কৰে সেই ঘৰো কমদামী নহয়। গাড়ীৰ সংখ্যা যদি চোৱা যায়, তেন্তে ফেৰাৰী, হ্যামাৰ, লেণ্ড ৰোভাৰ, অডি কি নাই তেওঁৰ হাতত! মাহিৰ হাতত আছে বিভিন্ন ধৰণৰ বাইকো। মহেন্দ্ৰ সিং ধোনীৰ বছৰী আয় প্ৰায় ৫০ কোটি।
আন্তৰ্জাতিক ক্ৰিকেটক বিদায় জনোৱাৰ ৩বছৰ হ’লেও তেওঁৰ জনপ্ৰিয়তা এতিয়াও কমা নাই। ৪১বছৰ বয়সতো তেওঁ নিজা দল চেন্নাই চুপাৰ কিংছক চেম্পিয়ন বনাইছে। দুকুৰি পাৰ হ’লেও মাহি আজিও চিৰতৰুণ। ৭ জুলাইত মাহিয়ে ৪২বছৰ সম্পূৰ্ণ কৰিছে। পঞ্চমবাৰৰ বাবে আইপিএল ৰ খিতাপ অৰ্জন কৰা মাহিৰ জন্মদিনটো এইবাৰ যেন অলপ বেছিয়েই স্পেছিয়েল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ