বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে। বাংলাদেশত পৰিস্থিতি হৈ পৰিছে ভয়ংকৰ।
বাংলাদেশৰ দায়িত্ব চম্ভালিব নোৱাৰা পৰিস্থিতি ইউনুছৰ। সেনাৰ সৈতে মতানক্য আৰম্ভ হৈছে ইউনুছৰ।
আনুষ্ঠানিকভাৱে পদত্যাগৰ ঘোষণা বাংলাদেশৰ মুৰব্বী মহম্মদ ইউনুছৰ। ঢাকাত অনুষ্ঠিত হৈছিল উপদেষ্টা পৰিষদৰ বৈঠক।
বৈঠকৰ সময়ত স্পষ্ট মন্তব্য ইউনুছৰ, বাংলাদেশত কাম কৰা মোৰ বাবে সম্ভৱ নহয়। ৰাজনৈতিক দলসমূহৰ মাজত কোনো ঐক্যতা নাই বাংলাদেশত।
অস্থিৰ হৈ পৰিছে বাংলাদেশৰ ৰাজনীতি। মহম্মদ ইউনুছৰ কিছুমান সিদ্ধান্তই ক্ষুব্ধ কৰিছে বাংলাদেশৰ সেনাপ্ৰধানক। ডিচেম্বৰত বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ইউনুছক সকিয়নি।
বাংলাদেশৰ ভৱিষ্যৎ এতিয়া বিপদজনক। বাংলাদেশ চৰকাৰক পোনপটীয়াকৈ হেঁচা ছাত্ৰ সংগঠন, বাংলাদেশ সেনাৰ।
মাহফুজ আছিফ, খলিলুৰ ৰহমানৰ দৰে নেতাক চৰকাৰৰ পৰা অপসাৰণৰ পাছতেই অসন্তুষ্টি। শ্বেখ হাছিনাৰ পদত্যাগৰ পাছতে গঠিত হৈছিল ইউনুছ চৰকাৰ। ইউনুছ চৰকাৰৰ এয়া ভয়ংকৰ বিফলতা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















