অসম লাইভ২৪ঃ বছৰটো বেছ ভালকৈ গৈছে দেশৰ ধনকুবেৰ মুকেশ আম্বানীৰ৷ পৰিয়াললৈ আহিছে এটাৰ পাছত আনটো ভাল খবৰ৷ কিছুদিন পূৰ্বে আম্বানীৰ কন্যা মাতৃ হৈছে যমজ সন্তানৰ৷ তাৰপাছতেই মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ এনগেজমেণ্ট৷ অনন্ত আম্বানীৰ এনগেজমেণ্টৰ বিভিন্ন মুহূৰ্তৰ ছবি, ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷
বিশেষ পাৰ্টীটোত উপস্থিত আছে শ্বাহৰুখ খান, ছলমান খান, আলিয়া-ৰণবীৰকে ধৰি বহু তাৰকা৷ আম্বানীৰ পুত্ৰৰ বাগদান অনুষ্ঠানত অনুষ্ঠান পৰিবেশনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল মিকা সিঙকো৷ মাত্ৰ ১০ মিনিটৰ অনুষ্ঠানৰ বাবে মিকা সিঙক আম্বানীয়ে কিমান পৰিমানৰ ধন দিছে শুনিলে চকু কঁপালত উঠিব আপোনাৰ৷ ১.৫ কোটি টকা লৈছে মাত্ৰ ১০ মিনিটৰ অনুষ্ঠানৰ বাবে৷ ২৯ ডিচেম্বৰ, বৃহস্পতিবাৰে ৰাজস্থানৰ শ্ৰীনাথ মন্দিৰত অনুষ্ঠিত হয় বাগদান অনুষ্ঠান৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ