অসম লাইভ২৪ঃ এই দিনটোক ভাৰতবাসীয়ে কেনেকৈ পাহৰিব! ২০০৮ চনৰ ২৬ নৱেম্বৰৰ দিনটোক ভাৰতৰ লোকে কেনেকৈ পাহৰিব পাৰিব৷ সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত মুম্বাইত ১৬৪ গৰাকী নিৰপৰাধী লোকৰ মৃত্যু হৈছিল৷ মৃত্যু বুলি ক’লে ভুল হ’ব আচলতে হত্যা কৰা হৈছিল৷ এই কাণ্ডত পাকিস্তান চৰকাৰজড়িত থকা বুলি সেই সময়ত অভিযোগো উত্থাপিত হৈছিল৷ কিন্তু বাৰে বাৰে এই দাবী কৰি পাকিস্তানে নস্যাৎ কৰি আহিছে৷
https://x.com/ani_digital/status/995304800655831041?s=20
কিন্তু সত্যক যে লুকাই থব নোৱাৰি সেই কথা পাকিস্তানে হয়তো জনা নাছিল৷ এই কাণ্ডৰ সৈতে জড়িত আছিল লস্কৰ-ই-তৈবা৷ এই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছঈদে আজিও পাকিস্তানত মুকলিকৈ ঘুৰা-ফুৰা কৰে৷ এই আক্ৰমণত পাকিস্তান সেনাও জড়িত আছিল বুলি দেশে দাবী কৰি আহিছে৷ প্ৰমাণো দিছে ভাৰত চৰকাৰে৷ কিন্তু সকলোবোৰ তথ্য অস্বীকাৰ কৰিলেও পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে একপ্ৰকাৰে স্বীকাৰ কৰিছে সেইকথা৷ ডন কাকতত দিয়া এক সাক্ষাৎকাৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে কয়, ‘‘পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে বাৰে বাৰে কৈছিল৷ আমাক সীমান্তৰ সীপাৰে মুম্বাইলৈ গৈ ১৫০ গৰাকী লোকক হত্যা কৰিব দিয়া উচিত৷’’ নৱাজ শ্বৰীফে লগতে কয় যে, সন্ত্ৰাসবাদী পাকিস্তানে প্ৰেৰণ কৰিছিল৷ তাৰ বাবে দায়ী পাকিস্তান৷
২০০৮ চনত সমুদ্ৰ তীৰেৰে মুম্বাইত উপস্থিত হৈছিল ১০ পাকিস্তানী সন্ত্ৰাসবাদী৷ সেই ঘটনাৰ ১৫ বছৰ সম্পূৰ্ণ হৈছে৷ জ্যেষ্ঠ আৰক্ষী বিষয়া, আৰক্ষী জোৱান, এনএছজি কমাণ্ডোসহ ১৬৪গৰাকী লোকৰ মৃত্যু হৈছিল এই আক্ৰমণত৷ এই আক্ৰমণৰ একমাত্ৰ জীৱিত সন্ত্ৰাসবাদী আজমল কাছভক ২০১২ চনৰ ২১ নৱেম্বৰত ফাঁচী দিয়া হয়৷ এই আক্ৰমণত পাকিস্তানৰ হাফিজ ছঈদ জড়িত থকাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও তথ্যৰ অভাৱত মুকলি কৰে পাকিস্তানৰ আদালতে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ