আকাশমাৰ্গৰ পৰা গ্ৰহণ কৰা ছবি প্ৰকাশ কৰি কোৱা হৈছে যে দক্ষিণ আমেৰিকাৰ এখন দেশত এটা ৰহস্যময় গহ্বৰৰ সৃষ্টি হৈছে৷ যিটো গহ্বৰৰ বাবে বিজ্ঞানী সমাজ স্তম্ভিত হৈ পৰিছে৷
সোমবাৰে দক্ষিণ আমেৰিকাৰ দেশ চিলিৰ উত্তৰ দিশৰ এটা এলেকাত প্ৰায় ২৫ মিটাৰ (৮২) ফুট ব্যাসৰ এটা ৰহস্যজনক গহ্বৰৰ সৃষ্টি হৈছে৷ চিলিৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি দেশখনৰ ৰাজধানী ছাণ্টিয়াগোৰ পৰা প্ৰায় ৬৬৫ কিলোমিটাৰ (৪১৩ মাইল) দূৰত্বত অৱস্থিত উত্তৰ কানাডাৰ লুণ্ডিন মাইনিং কপাৰ মাইনৰ অধীনৰ এলেকাত এই ৰহস্যময় গহ্বৰটো সৃষ্টি হৈছে৷
সংস্থাটোৰ সঞ্চালক ডেভিদ মণ্টেনেগ্ৰ’ই এক বিবৃতিত কয় যে শনিবাৰে নেশ্যনেল চাৰ্ভিচ অৱ জিঅ’লজি এণ্ড মাইনিং (ছাৰ্নেজোমিন)-এ এই গহ্বটোৰ বিষয়ে জানিব পাৰি বিশেষজ্ঞসকলক অঞ্চলটোলৈ প্ৰেৰণ কৰিছে।
সঞ্চালক ডেভিদ মণ্টেনেগ্ৰোৱে কয়, ‘‘গহ্বৰটো যথেষ্ট গভীৰ, গহ্বৰটো প্ৰায় ২০০ মিটাৰ (৬৫৬ ফুট) গভীৰলৈকে আছে। তাত আমি এতিয়াও একো পোৱা নাই যদিও কিন্তু তাত বহুত পানী দেখিছো।’’

লগতে পঢ়ক সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা এৰলে পুত্ৰ এল’নৰ নাৰীপ্ৰীতিক ঈৰ্ষা কৰে নেকি?
ইফালে গহ্বৰটো সৃষ্টি হোৱাৰ পিছতে চেৰনেজোমিনে আলকাপাৰ’ছা খনিৰ কৰ্মস্থলীৰ প্ৰৱেশ গেটৰ পৰা বাকী অঞ্চলসমূহত প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে। সোমবাৰে বিয়লি প্ৰকাশ কৰা এক বিবৃতিত লুণ্ডিন মাইনিঙে কয় যে গহ্বৰটোত কোনো শ্ৰমিক বা লোক হতাহত হোৱাৰ তথ্য লাভ কৰা নাই।
প্ৰকাশিত বিবৃতিটোত লগতে কোৱা হৈছে যে গহ্বৰটোৰ ওচৰে পাজৰে কোনো বাসস্থান নাই৷ গহ্বৰটোৰ পৰা একেবাৰে নাতিদূৰৰ বাসগৃহটো ঘৰটো ৬০০ মিটাৰতকৈও অধিক (১৯৬৯ ফুট) দূৰত্বত অৱস্থিত৷

লগতে পঢ়ক গেংষ্টাৰৰ ভাবুকি! মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ পাছত চলমান খানৰ বুলেটপ্ৰুফ বাহন
উল্লেখ্য যে চিলি হৈছে বিশ্বৰ সৰ্বাধিক তামৰ উৎপাদক দেশ, বিশ্বৰ মুঠ তামৰ প্ৰায় এক চতুৰ্থাংশ চিলিয়ে উৎপাদন আৰু যোগান ধৰে। ইফালে লুণ্ডিন মাইনিঙৰ খননৰ প্ৰায় ৮০% মালিকীস্বত্ব আছে আৰু বাকীখিনিৰ মালিকীস্বত্ব জাপানৰ চুমিটোমো কৰ্প’ৰেশ্যনৰ হাতত আছে।
ইতিমধ্যে ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে এই ছবিসমূহ। প্ৰায় ১৩ হাজাৰ বাসিন্দা থকা টিয়েৰা আমাৰিলা পৌৰসভাৰ মেয়ৰ ক্রিষ্টিয়ান জুনিগাই সাংবাদিকৰ আগত কয় যে এই গহ্বৰটো অতি অভাৱনীয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















