অসম লাইভ২৪ঃ সুধাকণ্ঠক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ৷ কেৱল অসমবাসীয়ে ভূপেন হাজৰিকাক সুঁৱৰিছে তেনে নহয়৷ ভাৰতৰত্ন তথা সুধাকণ্ঠৰ একাদশ মৃত্যু তিথিত বাংলাদেশতো আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ৷
সামাজিক মাধ্যমতো সুধাকণ্ঠক সুঁৱৰি বিভিন্নজনে দিছে পষ্ট৷ তাৰ মাজতে এগৰাকী ছচিয়েল মিডিয়া ইউজাৰকাৰী উৎপল শিৱমে লিখা পষ্টে বিশেষভাৱ দৃষ্টি কাঢ়িছে সকলোৰে৷ তেওঁ লিখিছে, ‘আজি নৱগ্ৰহ শ্মশানলৈ ভূপেনদা আহিব। তৰুণ গগৈ, ভিতালী সকলো উন্মনা। নৱগ্ৰহ শ্মশানৰ দুভাগ নিশাৰ কথা৷ সন্ধ্যাৰ পৰাই ব্যস্ত সমাধিৰ বতাহজাক, ব্যস্ত শুভ্ৰ সাজৰ এদল জিলিকা তৰা! ভিতালী-চাহ দুকাপ আনিবা, তৰুণো আহিছে। দুয়ো অপেক্ষা কৰোঁ পদুলিতে৷ ভূপেন আহেহে লাগে।
বুঢ়া সত্ৰাধিকাৰৰ গলগলীয়া মাত গুঞ্জৰি উঠিল সমাধিৰ কংক্ৰীটত খুন্দা মাৰি। ঢেকেৰুৱা হাঁহিটো মাৰি তৰুণ গগৈয়ে দেহাৰ মাটিবোৰ জোকাৰি খৰ খোজে আগবাঢ়ি আহিছে আড্ডালৈ। ভিতালীয়ে আজি গোলপীয়া সাজ এযোৰ পিন্ধিছে, ভূপেনদাৰ প্ৰিয় গোলাপী ৰং! সদ্যশায়িত নিপনদা আৰু নীলপৱনদা অভ্যস্ত হব পৰা নাই নৱগ্ৰহৰ আড্ডাত৷
বিদেহ হলেও পাহৰি যায় মাজে মাজে তেওঁলোকে যে বতাহত খোজ কাঢ়িব পাৰে এতিয়া।
অৰ্চনা মহন্ত বাইদেও আৰু ভিতালীয়ে গুণগুণাই গাই আছে এটি যুগমীয়া গীত৷ ভূপেনদাই ভালপোৱা গীতটি শুনাবলৈ দুয়ো দিনতেই ৰেৱাজ কৰিছে, এটি লোক সংগীত। “শালিকী অ’ অবুজন চৰাইজনী…” অৰ্চনা বাইদেউৰ কন্ঠত ভূপেন দাই শুনিব, বিশেষ অনুৰোধ তেখেতৰ৷ ‘ধুমুহা আৰু ৰামধেনু’-ৰ লেখকগৰাকীৰ সদা গাম্ভীৰ্য্যপূৰ্ণ মুখখন আজিও গহীন। চশমাৰ ফাকেৰে গৰম চাহত চুমুক দি একোণত বহি আছে প্ৰজ্ঞাৰ সাধক৷ হোমেন বৰগোঁহাই ডাঙৰীয়া, জীৱনকালত বহু লিখিলা৷ এতিয়া পাছে অধ্যয়নৰ উদ্দেশ্য কি?
অতুলানন্দ গোস্বামীয়ে আড্ডালৈ বুলি খোজ দিওতেই হেচুকি কৈ থৈ গ’ল বৰগোঁহাই দেৱক৷ ‘আন্ধাৰতো লিখিব পাৰি অশৰীৰী কলমেৰে জীৱনৰ পাছত জীৱনৰ অভিজ্ঞতা। তাৰে কুচকাৱাজ৷’ বৰগোঁহাই দেৱে বেঁকা হাঁহিৰে ক’লে। দিপালী বাইদেৱে মূঢ়া এটা পাতি নীলপৱনদাৰ কাষতে বহিলহি৷ আজি তেওঁ গান নাগায়৷ শুনিবহে মাথোঁ। ভূপেনদাৰ আধা শুনা গান৷
নৱগ্ৰহ শ্মশান মহিৰূহৰ মিলনৰ তীৰ্থস্থান৷ কনভয় বজাই ৰাজপথেদি দৌৰি ফুৰিছে ৰঙা লাইটৰ গাড়ীবোৰ৷ ব্যস্ত নাগৰিকৰ গোমোঠা মুখবোৰ পথত প্ৰেতাত্মাৰ দৰে ঘূৰি ফুৰিছে৷ নৱগ্ৰহ শ্মশানৰ গেটৰ সিপাৰে জীৱন্ত মানুহবোৰৰ মৃত আত্মা আৰু গেটৰ ইপাৰে মৃতদেহৰ কিন্তু সতেজ আড্ডা। তৰুণ গগৈয়ে কনভয়বোৰলৈ চাই এক নিৰ্লিপ্ত হাঁহি মাৰিলে৷ হাঁহিটো হোমেন বৰগোহাঁইয়ে দেখিলে৷ ‘মনত পৰিছে নেকি জীৱন্ত সময়লৈ?’ তেওঁ গগৈলে চাই টিপ্পনী মাৰিলে।
‘হে হে হে কি কয় বৰগোঁহাই, পথ একেটাই সবাৰে, দুদিনৰ বাবে লাহ বিলাহ ক্ষমতা। ইয়াতহেচোন পালোঁ প্ৰকৃত সুখৰ ৰহঘৰা৷’ এচাটি বতাহ সোমাই আহিল৷ সুৰ সমলয় ৰাগিণী মলয়াত চন্দ। ‘ভূপেন দা আহিছে’ ভিতালীয়ে দৌৰি অহাদি আহি ক’লে৷ অৰ্চনা বাইদেৱে দীঘলকে ওৰণিখন টানি ল’লে। সকলো ব্যস্ত হ’ল বতাহজাকক লৈ৷ ‘মোৰ খুব হিংসা লাগে জানে আপোনালোকক দেখি, একেলগে কিমান ৰহইচ, মইহে অকলে সমাধি কাননত৷’ গলগলীয়া মাতেৰে ভূপেন দাই ক’লে।
‘নৱগ্ৰহৰ প্ৰতিনিশা আমাৰ পুৱালৈ আড্ডা, মাথোঁ আপোনালে মনত পৰে, চৌদিশে অনেক তৰা মাথোঁ মাজত নাই চন্দ্ৰমা৷’ অৰ্চনা বাইদেৱে ক’লে। আজি নিশা মজলিছ হ’ব, গান, কবিতা, ছবি, কথা-বাৰ্তাৰ। কি হ’ল নিপন ইমান মৌনতা?’, ভূপেন দাই হাঁহি হাঁহি মাজৰ আসনখনত বহি লৈ ক’লে। ‘নাই দাদা, কথা এটাহে ভাবিছোঁ।’ নিপন দাই ক’লে। ‘কি ভাবিছা? পাহৰিব পৰা নাই নেকি কায়িকতাৰ কথা?’
নিপনদাই ক’লে, ‘নহয় দাদা। ভাবিছোঁ নৱগ্ৰহতেইচোন সকলো একত্ৰ হৈ আছেহি শিল্প, সংস্কৃতি, কলা, মেধা, মনীষা, বাহিৰতনো কি থাকিল? ‘বাহিৰত এক বিয়াগোম শূন্যতা। যদি কোনো আছেও মহীৰূহ জীয়াই, ৰৈ আছে স্বীকৃতি দিবলৈ মৃত্যুৰ পাছত জনতাই।’ বৰগোঁহাই দেৱে ক’লে। ‘আপুনিতো ভাৰত ৰত্ন। চাব পাৰিম নেকি সেই ৰত্নটি কেনেকুৱা?’ নিপনদাই ক’লে।
‘ভাৰত ৰত্ন মই দেখা নাই কেনেকুৱা বা মোৰ হাততো পৰাহি নাই, জীৱন্তততহে হাতখন আছিল, মৃত্যুৰ পাছতচোন পাৰ্থিৱতাক চুব পৰাকৈ হাতখনেই নাইকীয়া। মাথোঁ মনত আছে নানা অপযশ, ককৰ্থনা আৰু দীনতাৰ কথা!’ ভাবুক হৈ পৰিল ভূপেনদা। এনেতে দূৰৈত এখন কাৰোবাৰ চিতা জ্বলিছে নৱগ্ৰহৰ বুকুত। সকলোৱে সেই জুইকুৰালৈ চালে…
ভূপেন দাই ক’লে, ‘ভিতালী খোৱাৰ যোগাৰ কৰা। খাই বৈ লৈ মেহফিল জমাম আজি। নতুন আলহীও আহিছে হবলা কোনোবা, চোৱা দূৰৈত সৌ জুইকুৰা। পুৱা হোৱাৰ আগে আগে উভতি যাম সমাধি ক্ষেত্ৰলৈ৷ আহা আজি নিশা জী উঠো, নৱগ্ৰহৰ দৰে শান্তি আৰু ক’তো নাইকীয়া৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ