• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

3 weeks ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

13 minutes ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

43 minutes ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

1 hour ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

1 hour ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

3 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

3 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

4 hours ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

5 hours ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

5 hours ago
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

6 hours ago
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

6 hours ago
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

ৰকিবুলৰ ক'লে- 'বহুত পছতাওগে ঠাকুৰ'

editor by editor
September 25, 2026
in অসম, ৰাজনীতি, লেখা
0
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?
0
SHARES
116
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমত ৰাজনৈতিক উত্তাপো বৃদ্ধি পাইছে। নিৰ্বাচনী প্ৰচাৰত প্ৰাৰ্থী আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ইজনে সিজনক আক্ৰমণ-প্ৰত্যাক্ৰমণ কৰাৰ লগতে বিভিন্ন বিষয়ক লৈ সৰৱ হৈ পৰিছে। ফলত নগাঁও কেন্দ্ৰিক ৰাজনীতি ক্ৰমাৎ অধিক আকৰ্ষণীয় হৈ উঠিছে। এফালে বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ গান গাই নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে। আনফালে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে হিন্দী ছবিৰ সংলাপৰ ধাঁচত বিজেপিক কটাক্ষ কৰি নিৰ্বাচনী সভাত ৰসিকতাপূৰ্ণ মন্তব্য আগবঢ়াইছে।

‘ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব’

নিৰ্বাচনী সভাত ৰকিবুল হুছেইনে বিজেপিক আক্ৰমণ কৰি কয় যে ২০২৭ চনত ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হ’ব। তেওঁ হিন্দী ছবিৰ জনপ্ৰিয় সংলাপৰ ধাঁচত বিজেপিক উদ্দেশ্য কৰি কয়—‘ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত… বহুত পছতাওগে ঠাকুৰ, তুঝে য়াড ৰখুংগা।’ অৰ্থাৎ, কংগ্ৰেছৰ নেতা হিচাপে ৰকিবুল হুছেইনে আগন্তুক সময়ত কেন্দ্ৰত ৰাজনৈতিক পৰিৱৰ্তন হ’ব বুলি দাবী কৰি বিজেপিক সতৰ্ক কৰি দিয়ে।

‘কেৱল জুবিনৰ গান গালেই ন্যায় নাপায়’

ইপিনে দেৱাশীষ শৰ্মাই নিৰ্বাচনী প্ৰচাৰত জুবিন গাৰ্গৰ গান গোৱাৰ বিষয়টোক লৈ বদৰুদ্দিন আজমলে কটাক্ষৰে ভৰা মন্তব্য কৰা দেখা যায়। তেওঁ কয় যে কেৱল জুবিন গাৰ্গৰ গান গাই থাকিলেই জুবিন গাৰ্গে ন্যায় নাপায়। ‘জুবিন গাৰ্গক আমি ১০০ শতাংশই ন্যায় দিম।’ তেওঁ লগতে কয় যে সদনত জুবিনৰ গান গোৱা বা মছজিদলৈ যোৱা আৰু কলিমা পাঠ কৰাটোৱেই যথেষ্ট নহয়। ‘মছজিদত গ’লেই নহ’ব, লা ইলাহা কলিমা পাঠ কৰিলেই দেৱাশীষ শৰ্মাৰ সৈতে মই দোস্তী কৰিম।’ বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে। তেওঁ লগতে নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কয়-‘৬ অক্টোবৰৰ দেখা যাব কোন কিমান পানীৰ মাছ।’

‘৯৯ শতাংশ ভোটত হাৰিব’

কেৱল বিজেপিৰ প্ৰাৰ্থীয়েই নহয়, ৰকিবুল হুছেইনকো কটাক্ষ কৰিছে বদৰুদ্দিন আজমলে। ৰকিবুল হুছেইন আগন্তুক সময়ত ক’লৈ যাব, সেই লৈ প্ৰশ্ন উত্থাপন কৰি আজমলে কয় যে-এইবাৰ ধুবুৰীতো ৰকিবুলৰ স্থান নাই। আজমলৰ দাবী, যদি ৰকিবুল হুছেইনে ধুবুৰীত তেওঁৰ বিৰুদ্ধে এইমুহূৰ্ততো নিৰ্বাচন খেলে তেন্তে ৯৯ শতাংশ ভোটত পৰাজিত হ’লহেঁতেন।

সংখ্যালঘু ভোটক লৈও ৰাজনৈতিক চৰ্চা

ইয়াৰ মাজতে সংখ্যালঘু ভোটক লৈও বিভিন্ন ধৰণৰ ৰাজনৈতিক মন্তব্য আৰু প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। একাংশ সংখ্যালঘু লোকে বিজেপিৰ পতাকা লৈ বিজেপিয়ে তেওঁলোকৰ কোনো ক্ষতি কৰা নাই বুলি মন্তব্য কৰাৰ বিপৰীতে কংগ্ৰেছে তেওঁলোকক প্ৰতাৰণা কৰা বুলি অভিযোগ কৰা দেখা গৈছে। এই মন্তব্যসমূহে নগাঁও উপ-নিৰ্বাচনত সংখ্যালঘু ভোটৰ গুৰুত্ব আৰু বিভিন্ন ৰাজনৈতিক দলৰ মাজত সেই ভোটক লৈ চলি থকা প্ৰচাৰৰ বিষয়টোও পুনৰ চৰ্চালৈ আনিছে।

সামগ্ৰিকভাৱে, নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ অধিক তীব্ৰ হৈ পৰিছে। গান, চলচ্চিত্ৰৰ সংলাপ, ব্যক্তিগত কটাক্ষৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় ৰাজনীতি আৰু সংখ্যালঘু ভোটৰ প্ৰসংগলৈ—বিভিন্ন বিষয় এতিয়া নিৰ্বাচনী মঞ্চত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এতিয়া নিৰ্বাচনৰ দিন আগবঢ়াৰ লগে লগে এই বাকযুদ্ধ আৰু কিমান তীব্ৰ হয়, সেয়া লক্ষণীয় হ’ব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24assam politics
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ
প্ৰযুক্তি

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

October 16, 2026
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone
বিশ্ব

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

October 16, 2026
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক
জীৱনশৈলী

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

October 16, 2026
Next Post
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.