• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচা প্ৰেমনো কি? দেশবাসীক দেখুৱাই দিলে অসমৰ বিতোপনে…

সঁচা প্ৰেমনো কি? দেশবাসীক দেখুৱাই দিলে অসমৰ বিতোপনে…

4 years ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

15 minutes ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

1 hour ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

10 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

10 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

11 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

11 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

14 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

15 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

16 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

16 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

17 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সঁচা প্ৰেমনো কি? দেশবাসীক দেখুৱাই দিলে অসমৰ বিতোপনে…

editor by editor
November 19, 2022
in অসম, উত্তৰ-পূব, ভাৰত
0
সঁচা প্ৰেমনো কি? দেশবাসীক দেখুৱাই দিলে অসমৰ বিতোপনে…
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰেমত নৃশংসতাই নাথাকে, প্ৰেমত আৱেগো থাকে। আৱেগবোৰ কেতিয়াবা প্ৰশংসাৰ কাৰণ হৈ ধৰা দিয়ে যদি আন কেতিয়াবা প্ৰেমৰ বাবেই ফ্ৰিজত চেঁচা হৈ পৰি থাকে প্ৰেয়সীৰ শৰীৰৰ খণ্ডিত দেহ।

দুয়োটাই ব্ৰেকিং নিউজ। বিগত কেইটামান দিন পূৰ্বে আমাৰ দেশতেই ৩৫ টুকুৰাৰে প্ৰেমৰ সমাপ্তি ঘটিছিল আফতাব-শ্ৰদ্ধাৰ। আফতাবৰ নৃশংসতাৰ বিপৰীতে প্ৰাৰ্থনা-বিতোপনৰ প্ৰেমে কৈ গ’ল স্বৰ্গীয় সংজ্ঞা। প্ৰেম নৃশংসই নহয়, প্ৰেম স্বৰ্গীয়ও। প্ৰাৰ্থনা গুচি গ’লেও বিতোপনৰ বুকুত প্ৰতিদিনেই পবিত্ৰ প্ৰেমৰ দোহাই দি জী থাকিব প্ৰাৰ্থনা। সাত জনমৰ সংগীক আদৰিবলৈ হোমৰ জুইয়েই কিয় লাগে। সম্বন্ধৰ নাম দিয়ে চিতাৰ জুইয়েও।

বিতোপন-প্ৰাৰ্থনা সপোনা আছিল একেলগে জীৱনৰ কঠিন বাট আগুৱাব। ১৮ নৱেম্বৰ ২০২২, শুকুৰবাৰ। প্ৰাৰ্থনাৰ ঘৰত আহি উপস্থিত হৈছিল মৰিগাঁৱৰ বিতোপন তামুলী। সেন্দুৰৰ ফোঁট আঁকি দিলে প্ৰাৰ্থনাৰ কপালত আৰু শিৰত। এবাৰ দুবাৰ নহয় কেইবাবাৰো সেন্দুৰৰ ফোঁট দি বিতোপনে পিন্ধাই দিলে প্ৰাৰ্থনাক এডাল বগা ফুলৰ মালা। তাৰপাছত আন এডাল ফুলৰ মালা প্ৰাৰ্থনাৰ হাতত স্পৰ্শ কৰাই নিজেও পিন্ধি ল’লে।

বিতোপনে সেন্দুৰ দিয়েই শুই পৰে প্ৰাৰ্থনা শুই থকা ঢাৰিখনত। বিতোপনক সঁহাৰি দিবলৈ প্ৰাৰ্থনা তেতিয়া নীৰৱ, নিমাত। চাপৰৰ কচুৱাৰ ঘৰখনত কেৱল কান্দোনৰ ৰোল। কান্দোন ধৰি ৰাখিব পৰা নাই চুবুৰীয়াই। কন্যাক হেৰুৱাৰ দুখত উচুপি উঠিল ঘৰখন। উচুপি উচুপি বিতোপন তামুলীয়ে হাত বোলাই থাকিল নিথৰ প্ৰাৰ্থনাৰ মূৰত।

ৰহাৰ এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। দেখা মাত্ৰকেই প্ৰতিজন লোকেই ভিডিঅটো দেখি চকুলো টুকিছে। বহু দিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল দুয়োৰে মাজত। কিন্তু বিগত কেইটিমান দিন পূৰ্বে এসপ্তাহ মানৰ আগতে প্ৰাৰ্থনা অসুস্থ হৈ পৰে।

এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰাৰ্থনাই বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে। কৰ্মসূত্ৰে প্ৰাৰ্থনাৰ পিতৃ বাহিৰত থাকে। আৰ্থিকভাৱে স্বচ্ছল নোহোৱাৰ বাবে মৃতদেহ চিকিৎসালয় মৰ্গত থৈ শুকুৰবাৰৰ দিনাহে লৈ যোৱা হ’ল চাপৰৰ কচুৱাৰ ঘৰখনলৈ।

প্ৰেয়সীৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকেই লৱৰি আহে বিতোপনো। যুগ্ম জীৱনৰ সপোন আধৰুৱা হ’লেও সাতবছৰীয়া প্ৰতিশ্ৰুতিবোৰ আধৰুৱাকৈ এৰি দিব নোৱাৰি। প্ৰাৰ্থনা চিতাৰ জুইত বিলীন হৈ যোৱাৰ পূৰ্বে প্ৰাৰ্থনাৰ সৈতে দেখা সপোনটোক পূৰ্ণতা দিব খোজাত বাধা নিদিলে সমাজখনেও। প্ৰাৰ্থনাৰ উকা কপালত আঁকি দিলে এমুঠি ৰঙা। মৃত্যুৰ শেতেলিত শুই পৰিলেও প্ৰেমৰ ৰঙেৰে ৰঙীন হৈ পৰিল প্ৰাৰ্থনা। প্ৰেয়সীৰ প্ৰতি থকা দায়িত্ববোধত অকণো গাফিলতি নকৰিলে বিতোপনে।

প্ৰাৰ্থনাৰ নশ্বৰদেহ বিলীন হ’ল পঞ্চভূতত। প্ৰাৰ্থনা গুচি গ’লেও থৈ গ’ল পৰিচয়। জীৱিত অৱস্থাত যদিও বিতোপনৰ পত্নী হ’ব নোৱাৰিলে তথাপিও চিতাৰ জুইকুৰা সাক্ষী হ’ল বিতোপনে দিয়া বিশেষ এই মৰ্যাদাৰ। সংঘাতময় এই পৃথিৱীত এই বাৰ্তাই দিলে জীৱনবোধৰ অনন্য সংজ্ঞা।

সিদিনা দিল্লীৰ ঘটনাটোৱে প্ৰেমৰ নৃশংসতা আৰু আক্ৰোশক প্ৰতিফলিত কৰিছিল। ৩৫ টুকুৰা মৃতদেহ দলিয়াই শেষ কৰিবলৈ ১৮ দিন সময়ৰ প্ৰয়োজন হৈছিল প্ৰেমিকৰূপী হত্যাকাৰীজনক। কিন্তু ইয়াৰ বিপৰীতে বিতোপনে দেখুৱাই দিলে প্ৰেম মৃত্যুৱে কাঢ়িব নোৱাৰে।

যাৱতীয় নিয়মৰ মাজেৰে প্ৰাৰ্থনাৰ শ্মশান যাত্ৰাতো দেখা গ’ল বিতোপনক। কলপুলিৰ তলেৰে ন-বোৱাৰী আদৰাৰ পৰিৱৰ্তে সদ্যবিবাহিত প্ৰাৰ্থনাক তুলি দিয়া হ’ল চিতাত। এই দৃশ্য দেখা মাত্ৰকেই কৈ উঠিছে সকলোৱে প্ৰেম সঁচাই অনন্য। হীৰুদাৰ ভাষাত প্ৰেম হেনো এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ
অপৰাধ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

June 17, 2026
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

June 17, 2026
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?
বিশ্ব

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

June 17, 2026
Next Post
আজিৰে পৰা আৰম্ভ ফুটবলৰ মহাৰণ! বিশ্বকাপ ২০২২ৰ সবিশেষ চাওক

আজিৰে পৰা আৰম্ভ ফুটবলৰ মহাৰণ! বিশ্বকাপ ২০২২ৰ সবিশেষ চাওক

টুইটাৰত খহনীয়া! ইজনৰ পিছত সিজন কৰ্মচাৰীৰ পদত্যাগ । ড’নাল্ড ট্ৰাম্পৰ ওচৰত নতিস্বীকাৰ ইলন মাস্কৰ!

টুইটাৰত খহনীয়া! ইজনৰ পিছত সিজন কৰ্মচাৰীৰ পদত্যাগ । ড’নাল্ড ট্ৰাম্পৰ ওচৰত নতিস্বীকাৰ ইলন মাস্কৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.