অসম লাইভ ২৪ঃ ৭ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰতীয় জনতা পাৰ্টীৰ এক সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য। নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ১০০+ আসনৰ লক্ষ্য পূৰণ কৰিবৰ বাবে এতিয়া ৰাজ্যলৈ সোঁত বৈছে বিজেপিৰ জ্যেষ্ঠ নেতাৰ। ৭ ফেব্ৰুৱাৰীতো প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যত বজাব নিৰ্বাচনী ৰণডংকা। ইয়াৰ লগতে বিশ্বনাথ চাৰিআলিত চিকিৎসা মহাবিদ্যালয়ৰ শিলান্যাস কৰিব মোদীয়ে। আনহাতে, প্ৰধানমন্ত্ৰীগৰাকীয়ে গহপুৰতো ভাগ ল’ব এক বিশেষ সভাত। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ২৩ জানুৱাৰীত অসমলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ