প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ বাবে এইবাৰ থাকিব কেৱল মহিলা৷ শুকুৰবাৰে গুজৰাটৰ এক অনুষ্ঠানত যোগ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তাতেই সুৰক্ষাৰ বাবে মোতায়েন কৰা হ’ব কেৱল মহিলা পুলিছ অফিচাৰক৷ ভাৰতৰ ইতিহাসত এনে ঘটনা এয়াই প্ৰথম৷
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নাৰী শক্তিৰ সন্মানত এই সিদ্ধান্তৰ লৈছে নৰেন্দ্ৰ মোদীয়ে৷ জনা গৈছে যে শুকুৰবাৰে গুজৰাটৰ নভছাৰি জিলাত লাখপতি দিদি অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে৷ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মহিলাসকলৰ সন্মানতেই আয়োজন কৰা হৈছে এই অনুষ্ঠান৷ দিনজুৰা কাৰ্যসুচীৰে গুজৰাটলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাত মোতায়েন থাকিব কেৱল মহিলা আৰক্ষী৷ নভছাৰিৰ ভানছি বৰছি গাওঁৰ হেলিপেডত মোদীক নমোৱাৰ পৰা আৰম্ভ কৰি মঞ্চলৈ লৈ যোৱালৈকে সকলোবোৰৰ সুৰক্ষাত থাকিব কেৱল নাৰী৷ অৰ্থাৎ প্ৰমীলা বাহিনী৷
গুজৰাটৰ এই অনুষ্ঠানত অংশ ল’ব এক লাখতকৈয়ো বেছি মহিলাই৷ তাতেই বক্তব্য ৰাখিব প্ৰধানমন্ত্ৰী মোদীয়ে৷ সূত্ৰৰ খবৰ অনুসৰি নাৰী দিৱসত প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত মোতায়েন থাকিব ২১৬৫গৰাকী মহিলা কনিষ্টবল, ৬১ গৰাকী মহিলা এছ আই, ১৮৭গৰাকী মহিলা ইনস্পেক্টৰ৷ ইয়াৰোপৰি এগৰাকী মহিলা আই জি পি আৰু এডি জিপি আৰু পাঁচগৰাকী মহিলা ডি এছ পিও অনুষ্ঠানৰ দায়িত্বত থাকিব৷
উল্লেখ্য যে প্ৰতিবছৰেই নাৰী দিৱস উপলক্ষে নাৰী শক্তিক সন্মান জনোৱাৰ বাবে ব্যতিক্ৰমী উদ্যোগ লৈ আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ বিগত বছৰ আন্তৰ্জাতিক নাৰী দিৱসত নিজৰ ছচিয়েল মিডিয়া হেণ্ডেল কেইবাগৰাকী সফল প্ৰতিভাৱান মহিলাৰ হাতত তুলি দিছিল৷ তেওঁলোকে প্ৰধানমন্ত্ৰীৰ একাউণ্টৰ পৰা নিজৰ জীৱন কাহিনী পোষ্ট কৰিছিল৷ তেওঁলোকৰ এই জীৱনকাহিনীয়ে অনুপ্ৰেৰণা দিছিল বহুসংখ্যক নাৰীকেই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ