অসম লাইভ২৪ঃ মহাবিশ্বৰ অন্যান্য কোনো গ্ৰহত প্ৰাণী আছে নেকি? একাংশ বিজ্ঞানীয়ে বিষয়টোক লৈ গৱেষণা অব্যাহত ৰাখিছে। বিজ্ঞানীসকলৰ কিছুসংখ্যকে দাবী কৰা অনুসৰি আগন্তুক কেইবাবছৰৰ ভিতৰতেই হয়তো দূৰৰ কোনো গ্ৰহত জীৱৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ’ব বিজ্ঞানীয়ে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোইয়ো যান পঠিয়াবলৈ সাঁজু হৈছে শুক্ৰ গ্ৰহলৈ। ইয়াৰোপৰি নাছাইয়ো বৃহস্পতি গ্ৰহ মিছন আৰম্ভ কৰিছে। বৰফে ঢকা বৃহস্পতিত কেনেবাকৈ জীৱৰ সন্ধান পোৱা যাব নেকি?
নাছাৰ জেমছ ৱেব স্পেছ টেলিস্কোপত সম্প্ৰতি সৌৰজগতৰ বাহিৰৰ কোনো বিশেষ গ্ৰহৰ পৰা লাভ কৰিছে বিশেষ সংকেত। সেই সংকেত লাভ কৰিয়েই বিজ্ঞানীয়ে সন্দেহ প্ৰকাশ কৰিছে যে বিশেষ তাৰকাৰাজ্যতো পৃথিৱীৰ দৰে আন কোনো গ্ৰহ আছে। যদি বিজ্ঞানীয়ে অইন গ্ৰহত প্ৰাণী থকাৰ কথাটোৰ প্ৰমাণ দাঙি ধৰিব পাৰে তেন্তে সেয়াই হ’ব বৰ্তমানলৈকে মহাকাশ সন্দৰ্ভত কৰা আটাইতকৈ ডাঙৰ আৱিষ্কাৰ।
ইতিমধ্যে অন্য গ্ৰহৰ প্ৰাণীৰ সন্ধানত বিজ্ঞানীয়ে কেইবাটাও মিছন আৰম্ভ কৰিছে। স্কটলেণ্ডৰ জ্যোতিৰ্বিজ্ঞানী অধ্যাপক কেথেৰিণ থেইমেনছে কয়, ‘অসীম নক্ষত্ৰ আৰু গ্ৰহৰ মাজত এখন বিশ্বতহে আমি আছো। সেই বিশ্বৰ আমিয়েই একমাত্ৰ বুদ্ধিমান প্ৰাণী বুলি আমি দাবীও কৰিব পাৰো। কিন্তু এই মহাবিশ্বত আমিয়েই অকল বুদ্ধিমান প্ৰাণী নেকি? এই প্ৰশ্নৰ উত্তৰ বিচাৰিয়েই আমি প্ৰযুক্তিগত ক্ষমতাৰে বিচাৰিবলৈ আৰম্ভ কৰিছো।’
‘গ’ল্ডিলক্স জোন’
বৈজ্ঞানিকৰ অনুসন্ধানত যিসমূহ টেলিস্কোপ ব্যৱহৃত হৈ আছে সেইসমূহে দূৰৰ নক্ষত্ৰক প্ৰদক্ষিণ কৰি থকা গ্ৰহসমূহৰ বায়ুমণ্ডল পৰীক্ষা কৰিব পাৰে। পৃথিৱীৰ দৰে জীৱিত প্রাণী আছে নেকি সেই সন্ধানো কৰিব পাৰে। আনকি ৰাসায়নিকৰো সন্ধান দিব পাৰে এই টেলিস্কোপসমূহে। ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে এক ডাঙৰ আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে। ১২০ আলোকবৰ্ষ দূৰত অৱস্থিত কে২-১৮ বি নামৰ এটা বিশেষ গ্ৰহৰ বায়ুমণ্ডলত এনে গেছ চিনাক্ত কৰা হৈছে যিয়ে পৃথিৱীত থকা সামুদ্ৰিক জীৱ জীয়াই থকাৰ সমল। এই গ্ৰহক বিজ্ঞানীয়ে নাম দিছে ‘গোল্ডিলক্স জোন’।
‘গোল্ডিলক্স জোন’য়ে যি নক্ষত্ৰক প্ৰদক্ষিণ কৰি আছে সেই নক্ষত্ৰৰ পৰা ‘গোল্ডিলক্স জোন’ এনে দূৰত্বত আছে য’ত ভূপৃষ্ঠৰ তাপমাত্ৰা খুব বেছি গৰম বা খুব বেছি ঠাণ্ডাও নহয়। তাত তৰল থকাৰো উমান পাইছে বিজ্ঞানীয়ে। তৰল মানে পানী, জীৱ জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন। বিজ্ঞানীসকলৰ এটা বিশেষজ্ঞৰ দলে জনোৱামতে আগন্তুক এবছৰৰ ভিৰতৰেই বিজ্ঞানীয়ে পৃথিৱীবাসীক ভাল খবৰ দিব। এলিয়েনৰ সন্ধান চলোৱা বিজ্ঞানীৰ দলটোক নেতৃত্ব দিছে, কেমব্ৰীজ বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিদ অধ্যাপক নিক্স মধুসূদনে। মধুসূদনে এটা আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত এই সন্দৰ্ভত কয়, ‘পৃথিৱীৰ বাহিৰৰ অন্য গ্ৰহত জীৱৰ সন্ধান পালে আমাৰ চিন্তাভাৱনালৈকো আমূল পৰিবৰ্তন আহিব। যদি আমি অন্য গ্ৰহত জীৱৰ সন্ধান পাও তেন্তে সেই জীৱ আমাতকৈ উন্নতনে সেই গৱেষণা আৰম্ভ হ’ব।’
নিক্সৰ ভৱিষ্যতদ্বাণী, ‘৫ বছৰৰ ভিতৰতেই মহাবিশ্বৰ জীৱ সম্পৰ্কীয় গৱেষণা বহুদূৰ আগবাঢ়ি যাব। কিন্তু যদি অন্যান্য গ্ৰহ যেনে ‘গোল্ডিলক্স জোন’ত প্ৰাণীৰ সন্ধান পাওঁ তেন্তে আৰু তেনে ১০ টা গ্ৰহ আছে যিকেইটাত প্ৰাণীৰ সন্ধান পোৱা যাব। মহাবিশ্বত জীৱ বিষয়ক কেইবাটাও গৱেষণাৰ মাজত কেমব্ৰীজ বিশ্ববিদ্যালয়ে চলাই থকা গৱেষণাও এটা। অন্যান্য প্ৰকল্পসমূহৰ কেইবাটাইয়ো অন্য গ্ৰহত জীৱৰ সন্ধান পোৱাৰ আশা আছে বুলি প্ৰকাশ কৰিছে।’
নাছাই ২০৩০ চনত ‘হেবিটেবল ৱাৰ্ল্ডছ অৱজাৰভেটৰি’ বা বাসোপযোগ্য গ্ৰহ বিচাৰি এক অনুসন্ধানমূলক যাত্ৰা আৰম্ভ কৰিব। নাছাই উচ্চ প্ৰযুক্তিৰে পৃথিৱীৰ দৰে অন্যান্য গ্ৰহত বায়ুমণ্ডলৰ সন্ধান কৰিব। এই দশকৰ শেষৰ ফালে বিজ্ঞানীয়ে উলিয়াব বিশালকায় এটা টেলিস্কোপো। চিলিৰ মৰুভূমিৰ পৰা আকাশৰফালে মুখ কৰি থিয় কৰাই ৰখা হ’ব টেলিস্কোপটোক। অন্যান্য টেলিস্কোপৰ তুলনাত এই টেলিস্কোপৰ আকাৰ বহু ডাঙৰ। এই টেলিস্কোপতেই লগোৱা থাকিব বিশেষ আইনা য’ত দূৰৈৰ গ্ৰহসমূহকো ডাঙৰ আকাৰত দেখা যাব। এই টেলিস্কোপ ইমানেই শক্তিশালী যে শত শত আলোকবৰ্ষ দূৰৈৰ এটা নক্ষত্ৰক প্ৰদক্ষিণ কৰি থকা গ্ৰহৰ বায়ুমণ্ডলৰ পৰা আৰম্ভ কৰি পোহৰ কণালৈকে ধৰিব পাৰিব এই টেলিস্কোপে।
সৌৰজগতত সঁচাকৈয়ে প্ৰাণ আছে নেকি?
বিজ্ঞানীয়ে বহু দূৰৈৰ গ্ৰহসমূহত প্ৰাণৰ সন্ধান কিয় কৰি আছে? জনমানসত প্ৰায়েই এই প্ৰশ্ন উত্থাপিত হয়। বিজ্ঞানীৰ অনুসন্ধিৎসু মনে কিন্তু হাৰ নামানে। নতুনত্বৰ সন্ধানত প্ৰতিদিনেই গৱেষণা কৰি আছে বিজ্ঞানীয়ে। বিজ্ঞানীয়ে গৱেষণাৰ অন্তত লাভ কৰা তথ্যত উল্লেখ থকামতে বৃহস্পতি গ্ৰহ বৰফেৰে ঢকা। বৃহস্পতি গ্ৰহৰ বৰফৰ পৃষ্ঠত এনে কিছুমান চিহ্ন আছে যিসমূহ দেখাত বাঘৰ খোজৰ দৰে। বৃহস্পতিৰ বৰফৰ পৃষ্ঠৰ তলত মহাসাগৰো আছে। য’ত জলীয় বাষ্পই ধোঁৱা সদৃশ কৰি ৰাখে মহাকাশক। নাছাৰ ক্লিপাৰ আৰু ইউৰোপিয়ান স্পেছ এজেন্সি বা ইএছৰ জুপিটাৰ আইছি মুনছ এক্সপ্লৰাৰ মিছন আটাইকেইটাই ২০৩০ত ব্ৰহ্মাণ্ডত জীৱৰ সন্ধান কৰিব।
কেৱল বৃহস্পতিয়েই নহয়। শুক্ৰ গ্ৰহতো প্ৰাণীৰ সন্ধানত চলিব অভিযান। শনি গ্ৰহতো অভিযান চলাব বিজ্ঞানীয়ে। শনিত কাৰ্বন সমৃদ্ধ ৰাসায়নিক পদাৰ্থই তৈয়াৰ কৰা হ্ৰদ আৰু মেঘ আছে, যিয়ে উপগ্ৰহটোক এটা কমলা ৰঙৰ আৱৰণেৰে ঢাকি থাকে। পানীৰ ওপৰিও এইসমূহ ৰাসায়নিক জীৱ জীয়াই থকাৰো উপাদান বুলি ধাৰণা কৰা হয়। আন এক বিশেষ গ্ৰহ মঙলতো অভিযান চলাইছিল বিজ্ঞানীয়ে। কিন্তু মঙল গ্ৰহত জীৱিত প্ৰাণী নাই বুলিয়েই বিজ্ঞানীয়ে নিজৰ ধাৰণাক ফুলষ্টপ লগালে। মঙলত অভিযান সামৰিলেও নাছাই শেহতীয়াকৈ মঙলৰ পৰা মাটিৰ নমুনা আনিছে। বিশেষ গাঁতৰ পৰা সেই মাটি অনা হৈছে য’ত পূৰ্বে এটা প্ৰাচীন নদীৰ ব-দ্বীপ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















