অসম লাইভ২৪ঃ মঙল আৰু পৃথিৱীৰ মাজত কি কি পাৰ্থক্য আছে? মঙল গ্ৰহত মানুহৰ বসতি স্থাপন সম্ভৱ হ’বনে? পৃথিৱীৰ ভিতৰভাগৰ দৰে মঙলগ্ৰহৰ ভিতৰভাগো একেই নেকি? নাছাৰ বিজ্ঞানীয়ে গৱেষণাৰ অন্তত মঙলৰ ভিতৰচৰাৰ ফটো শ্বেয়াৰ কৰিছে। বিজ্ঞানীসকলে মঙলৰ ভিতৰত গৱেষণা চলোৱাৰ অন্তত প্ৰকাশ কৰা প্ৰতিবেদন মতে মঙল আৰু পৃথিৱী দুই গ্ৰহৰ মাজত যথেষ্ট পাৰ্থক্য আছে। নাছাই পঠিওৱা বিশেষ যান ‘ৰবটিক ইনছাইট লেণ্ডাৰ’ৰ জৰিয়তে বিজ্ঞানীয়ে এই তথ্য লাভ কৰিছে।
ৰবটিক লেণ্ডাৰৰ মাধ্যমেৰে ভূকম্প তৰংগ পঠিয়াই বিজ্ঞানীয়ে পোৱা তথ্যমতে পৃথিৱীৰ তুলনাৰ মঙলৰ কেন্দ্ৰস্থলৰ গভীৰতা ক’ম। পৃথিৱীৰ কেন্দ্ৰস্থল অৰ্ধগলিত লোৰে তৈয়াৰী হ’লেও ৰঙাগ্ৰহৰ কেন্দ্ৰস্থলত মাত্ৰ ২০ শতাংশ লো আছে। গেছীয় উপাদান যদি চোৱা যায় তেন্তে গেছীয় উপাদান হিচাপে কেৱল অক্সিজেন আৰু হাইড্ৰজেন আছে। ইয়াৰোপৰি বিজ্ঞানীয়ে জনোৱা মতে ভৱিষ্যতে গধুৰ মৌলৰ বাবে নীলাগ্ৰহই ঘূৰ্ণনৰ শক্তি হেৰুৱাই দিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ