বলিউদৰ যশস্বী অভিনেতা নাছিৰুদ্দিন শ্বাহে এক বিৰল মানসিক অৱস্থা(ৰোগ!)ত আক্ৰান্ত হৈছে৷ এক গুৰুতৰ মানসিক ৰোগৰ বিৰুদ্ধে যুঁজি থকাৰ কথা অভিনেতা নাছিৰুদ্দিন শ্বাহে নিজে প্ৰকাশ কৰিছে৷
ইউটিউব চেলেন চলচ্চিত্ৰ টকছৰ এটা সাক্ষাৎকাৰত দেশৰ বিশিষ্ট অভিনেতাগৰাকীয়ে কয় যে তেওঁ ওনোমাটোমেনিয়া নামৰ এক গুৰুতৰ মানসিক অৱস্থাৰে যুঁজি আছে৷
ইয়ে তেওঁক বিশ্ৰাম লোৱাৰ লগতে শুবলৈও নিদিয়ে বুলিও প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে৷
লগতে পঢ়ক অবিশ্বাস্য! তালিবানৰ নাৰী দিৱসৰ শুভেচ্ছা; আফগান মহিলাৰ সন্মান ৰক্ষাৰ প্ৰতিশ্ৰুতি
এই মানসিক অৱস্থাটোৰ বাবে নাছিৰুদ্দিন শ্বাহে ভাল লগা একেটা কথাকে বা কবিতাৰ পংক্তিয়ে পুনৰাবৃত্তি কৰি অনৰ্গল আওৰাই থাকে, যাৰফলত তেওঁ টোপনিৰ সৈতও যুঁজিবলগীয়া হৈছে৷
উল্লেখ্য যে এই ৰোগত আক্ৰান্ত ৰোগীয়ে এটা নিৰ্দিষ্ট শব্দ বা বাক্য অনৰ্গল আওৰাই থাকে। নাছিৰুদ্দিন শ্বাহে ইটাৰভিউটোত কয়, ‘‘মই ওনোমাটোমেনিয়া নামৰ ৰোগত ভুগি আছো। মই ধেমালি কৰা নাই। এইটো এটা মেডিকেল কণ্ডিশ্যন। আপুনি ইয়াক অভিধানত বিচাৰি চাব পাৰে।’’
অৱশ্যে চিকিৎসা শাস্ত্ৰত এই ওনোমাটোমেনিয়াক ৰোগ হিচাপে গণ্য কৰা নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ