জাতীয় পেঞ্চন ব্যৱস্থা NPSত কেইবাটাও সালসলনি আনিছে পেঞ্চন তহবিল নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষই৷ বেচৰকাৰী কৰ্মচাৰীৰ অৱসৰ গ্ৰহণৰ সময় তেওঁলোকৰ অৱসৰ ফাণ্ডৰ ৮০শতাংশ এককালীনভাৱেই তুলি ল’ব পাৰিব৷ ২০ শতাংশ এনিউটি ক্ৰয়ৰ বাবে ৰাখিব লাগিব৷ ইয়াৰ পূৰ্বে ৬০ শতাংশ পৰিমাণ এককালীনভাৱে উঠাই লব পৰাৰ অনুমতি আছিল আৰু ৪০শতাংশ বাৰ্ষিকী ক্ৰয় বাধ্যতামূলক আছিল৷
PFRDA ৰ জাৰি কৰা এই নিয়ম ২০২৫ চনৰ ডিচেম্বৰৰ পৰা কাৰ্যকৰ হোৱা বুলি বিবেচিত হব৷ অৰ্থাৎ যদি কোনো বেচৰকাৰী কৰ্মচাৰীয়ে এতিয়া অৱসৰ গ্ৰহণ কৰে আৰু এজন NPS গ্ৰাহক হয় তেতিয়া তেওঁৰ এককালীন অৰ্থৰ ৮০ শতাংশ তুলি লব পাৰিব৷ কেৱল ২০শতাংশ পৰিমাম বাৰ্ষিকী ক্ৰয়ৰ বাবে ৰাখিব লাগিব৷ এই ২০শতাংশৰ পৰা আপুনি মাহিলী পেঞ্চন লাভ কৰিব৷
সংশোধিত নিয়মসমূহ অল চিটিজেন মডেল আৰু কৰ্পোৰেট এন পি এছৰ আওঁতাভুক্ত কৰ্মীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য৷ ই বেচৰকাৰী কৰ্মীসকলৰ বাবে এক উল্লেখযোগ্য স্বস্তি৷ পূৰ্বে কৰ্মচাৰীয়ে তেওঁলোকৰ অৱসৰ পৰবৰ্তী সঞ্চয়ৰ এক উল্লেখযোগ্য অংশ পেঞ্চনৰ বাবে বাৰ্ষিকী ক্ৰয়ৰ বাবে ব্যয় কৰিছিল৷
এনুইটি শ্বেয়াৰ কমাই ২০শতাংশ কৰা হৈছে৷
পূৰ্বে কৰ্মীসকলে তেওঁলোকৰ সঞ্চয়ৰ ৪০শতাংশ এনুইটিত বিনিয়োগ কৰিব লাগিছিল৷ তাৰপিছত এই পৰিমাণৰ ওপৰত ভিত্তি কৰি পেঞ্চন লাভ কৰিব৷ এতিয়া সেয়া কমাই ২০শতাংশ কৰা হৈছে৷ ইয়াৰ অৰ্থ হৈছে পেঞ্চনৰ পৰিমাণ পূৰ্বৰ তুলনাত কম হব৷ ই অৱসৰ গ্ৰহণৰ পাছত নিয়মিত পেঞ্চন আয় প্ৰদান কৰে৷ অন্যহাতে অৱশিষ্ট মুলধন এককালীন হিচাপে তুলি লব পাৰে৷ এই নিয়মটো এনে ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য যিয়ে NPSৰ অধীনত নূন্যতম ১৫ বছৰ পূৰ্ণ কৰিছে আৰু ৬০ বছৰ বয়স পূৰ্ণ কৰিছে অথৱা চাকৰিৰ চৰ্তাৱলী অনুসৰি অৱসৰ গ্ৰহণ কৰিছে৷
NPS তোলাৰ নিয়ম- কোনে কিমান টকা তুলিব পাৰিব?
এই নিয়ম পৰিবৰ্তনৰ লগে লগে NPS গ্ৰাহকৰ বাবে নিয়ম পৰিবৰ্তিত হৈছে৷ বিভিন্নধৰণে এই ধন আপুনি তুলিব পাৰে৷ কোনে কিমান টকা তুলিব পাৰিব আৰু কোনে এনুইটি কিনিব পাৰিব তাৰো আছে বিশেষ নিয়ম৷
যদি কোনো গ্ৰাহকৰ মুঠ পৰিমাণ ৮ লাখ টকাৰ কম থাকে তেতিয়া সম্পূৰ্ণ পৰিমাণৰ টকা তুলি লব পাৰিব আৰু বাৰ্ষিকী ক্ৰয়ৰ বিকল্প তেওঁলোকৰ বাবে ঐচ্ছিক হব৷ যদি মুঠ পৰিমাণ ৮ লাখ টকাৰ পৰা ১২ লাখ টকাতকৈ কম থাকে তেতিয়া সৰ্বোচ্চ এককালীন ধনৰ সীমা ৬লাখ টকা৷ বাকী পৰিমাণ বাৰ্ষিকী ক্ৰয়ৰ বাবে অথৱা ৬ বছৰ পৰ্যন্ত পদ্ধতিগতভাৱে ইউনিট উত্তোলনৰ বাবে ব্যৱহাৰ কৰিব পাৰে৷ যদি মুঠ পৰিমাণ ১২ লাখ টকাতকৈ বেছি হয় তেতিয়া এই পৰিমাণৰ কমপক্ষেও ২০ শতাংশ বাৰ্ষিকী ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰা হব৷ বাকী থকা ৮০শতাংশ উঠাই লব পাৰিব বিনিয়োগকাৰীয়ে৷
৬০ বছৰ বয়সৰ পূৰ্বে টকা তোলাৰ নিয়ম
যদি কোনো গ্ৰাহকে ৬০ বছৰ বয়সৰ পূৰ্বে এই পেঞ্চন স্কিমৰ পৰা বাহিৰলৈ ওলাই আহিব খোজে আৰু ৫লাখ টকা জমা থাকে তেন্চে তেওঁ NPS একাউণ্টৰ পৰা সম্পূৰ্ণ ধন তুলি লব পাৰিব৷ যদি জমাৰ পৰিমাণ ৫লাখতকৈ বেছি হয় তেতিয়া ২০শতাংশ এককালীনভাৱে উঠাই লব পাৰিব৷ বাকী ৮০ শতাংশ বাৰ্ষিকীৰ বাবে জমা থাকিব৷
৬০ বছৰ বা তাতকৈ বেছি বয়সৰ NPSত যোগদানকাৰীসকলৰ বাবে নিয়ম
এই গ্ৰাহকৰ বাবে জমা টকাৰ পৰিমান ১২ লাখ টকাতকৈ কম হলে ১০০ শতাংস এককালীন অৰ্থ প্ৰদান অনুমোদিত৷ বাৰ্ষিকী ক্ৰয়ৰ কোনো প্ৰয়োজন নাই৷ যদি বেলেন্স ১২ লাখ টকাতকৈ বেছি হয় তেতিয়া এককালীন ৮০শতাংশ পৰ্যন্ত তুলিব পাৰিব৷ কমপক্ষেও ২০শতাংশ বাৰ্ষিকীত বিনিয়োগ কৰিব পাৰে৷ গ্ৰাহকৰ মৃত্যুৰ ক্ষেত্ৰত APW ৰ ১০০ শতাংশ পৰ্যন্ত নমিনিক দিব পাৰে আৰু বাৰ্ষিকী ক্ৰয়ৰো বিকল্প আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















