ছত্তিশগড়ত ৭ গৰাকী নিৰাপত্তাৰক্ষীক হত্যা কৰা এগৰাকী মহিলা নক্সালবাদী সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে৷ দেওবাৰে এই কথা প্ৰকাশ কৰিছে ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাৰ আৰক্ষীয়ে৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি শনিবাৰে জিলাখনৰ ছুটেডঙ্গাৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত টুয়ামেটা গাঁৱৰ পৰা ২০ বছৰীয়া মহিলা নক্সালবাদী সদস্য গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
আৰক্ষীয়ে দাবী কৰিছে যে পাণ্ড্ৰু পদ্মিনী নামৰ ২০ বছৰীয়া এই দুধৰ্ষ মহিলা নক্সালবাদী সদস্যগৰাকীয়ে ইন্দ’-তিব্বেটান ব’ৰ্ডাৰ পুলিচৰ দুগৰাকী জোৱানসহ অতি কমেও সাতগৰাকী নিৰাপত্তাৰক্ষীক হত্যা কৰিছিল৷ নাৰায়ণপুৰ আৰক্ষী অধীক্ষ গিৰিৰাজ শংকৰ জয়ছোৱালে কয় যে ধৃত মহিলা নক্সালবাদী সদস্যগৰাকী আদমি ঘাটী আঞ্চলিক কমিটিৰ সম্পাদক সুৰেশ ইছলামৰ অতি ঘণিষ্ঠ৷
‘‘পদ্মিনী যোৱা বছৰ ২০ আগষ্টত নায়াৰণপুৰৰ কাদেমেটা গাঁৱত নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ সংঘটিত কৰা নক্সালবাদী দলটোৰ সদস্য আছিল৷ উক্ত দলটোৱে উপ পৰিদৰ্শকসহ পাঁচগৰাকী নিৰাপত্তাৰক্ষীক হত্যা কৰিছিল৷ হত্যা কৰি এটা AK47, এটা মেগজিন, বুলেটপ্ৰুট জাকেটসহ অন্যান্য সামগ্ৰী লুট কৰি নিছিল৷’’ আৰক্ষী অধীক্ষক জয়ছোৱালে সংবাদ মাধ্যমক কয়৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে পল্লী-বাৰছুৰলৈ যোৱা নিৰ্মিয়মান পথটো ক্ষতিসাধন কৰিবলৈ লোৱা আঁচনি কাৰ্যকৰী কৰিবলৈ আহোঁতে পদ্মিনী নামৰ নক্সালবাদী মহিলা সদস্যগৰাকী আৰক্ষীৰ জালত পৰে৷
আৰক্ষীয়ে স্থানীয় আদালতত হাজিৰ কৰোৱাই পদ্মিনীক জেৰা অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ