NEET (UG) 2026 পুনৰ পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই। ২১ জুন, ২০২৬ তাৰিখ দেওবাৰে দুপৰীয়া ২:০০ বজাৰ পৰা ৫:১৫ বজালৈ পুনৰ পৰীক্ষা অনুষ্ঠিত হ’ব। পৰীক্ষাটো অফলাইন অৰ্থাৎ কলম আৰু কাগজৰ মোডত অনুষ্ঠিত হ’ব আৰু ১৩টা ভাষাত অনুষ্ঠিত হ’ব।
NTA য়ে পৰীক্ষাৰ্থীসকলক বৰ্তমানৰ ঠিকনা আৰু পৰীক্ষা চহৰ সলনি কৰাৰ সুযোগো দিছে। ইয়াৰ বাবে ১৫ মে’ৰ পৰা ২১ মে’ ২০২৬ লৈ নিশা ১১:৫০ বজাত neet.nta.nic.in ৱেবচাইট খোলা থাকিব। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰথম আৰু দ্বিতীয় পছন্দৰ পৰীক্ষা চহৰ নিৰ্বাচন কৰিব পাৰিব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই বিকল্প বাছি লোৱা নাই, তেওঁলোকৰ বাবে তেওঁলোকৰ পূৰ্বৰ চহৰৰ পছন্দ বৈধ বুলি গণ্য কৰা হ’ব।
এন টি এয়ে স্পষ্ট কৰি দিছে যে বৰ্তমানৰ ঠিকনা আৰু পৰীক্ষা চহৰতহে পৰিৱৰ্তনৰ অনুমতি দিয়া হ’ব। আন কোনো তথ্য শুধৰণি কৰা নহ’ব। ২১ মে’ৰ পিছত কোনো ধৰণৰ পৰিৱৰ্তনৰ অনুৰোধ গ্ৰহণ কৰা নহ’ব। এই প্ৰক্ৰিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পৰা কোনো অতিৰিক্ত মাচুল লোৱা নহ’ব। ১৪ জুন তাৰিখৰ ভিতৰত চিটি ইনটিমেচন স্লিপ, এডমিট কাৰ্ড, আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্য অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা হ’ব।
এইদৰে NEET UG re-exam admit card ডাউনলোড কৰিব পাৰিব
- প্ৰথমে অফিচিয়েল ৱেবছাইট neet.nta.nic.in লৈ যাওক।
- হোম পেজ খোল খাব, NEET UG 2026 Admit Card লিংকত ক্লিক কৰক।
- এটা নতুন ৱেব পেজ খোল খাব। আপোনাৰ আবেদন নম্বৰ আৰু জন্ম তাৰিখ/পাছৱৰ্ড দিয়ক।
- এতিয়া ছিকিউৰিটি পিনটো দিয়ক।
- তাৰ পিছত আপোনাৰ এডমিট কাৰ্ড চেক কৰি ডাউনলোড কৰক।
- এডমিট কাৰ্ডৰ ৰঙীন প্ৰিন্টআউট এটা লওক।
- ইয়াৰ পিছত আপোনাৰ পাছপ’ৰ্টৰ আকাৰৰ ফটোখন দিয়া ঠাইত পেষ্ট কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















