অসম লাইভ ২৪ঃ অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে অসমত উপস্থিত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰিস্তন টাইচং৷ অসম-মেঘালয়ৰ সীমা পৰিদৰ্শনৰ বাবে উপস্থিত উপ মুখ্যমন্ত্ৰীসহ মন্ত্ৰী, বিধায়ক, বিষয়াৰ এটা দল। দলটোৱে পৰিদৰ্শন কৰে অসম-মেঘালয়ৰ বিবাদমান এলেকা৷ মেঘালয়ৰ দলটোক সংগ দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক অতুল বৰা, উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে অসম চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ আমোলা-বিষয়াই। দুয়োখন ৰাজ্যৰ প্ৰতিনিধি দলে পৰিদৰ্শন কৰে গুৱাহাটীৰ কইনাধৰা, পাতৰকুচি আৰু পিলিংকটা অঞ্চল৷ উল্লেখ্য, এসপ্তাহ পূৰ্বে শ্বিলঙত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ মাজত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ