অসম লাইভ ২৪ঃ ভয়াৱহ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইংৰাজী নৱবৰ্ষৰ অনুষ্ঠান উদযাপনৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিলে SOP৷ ৰাজ্যত পুনৰ বলবৎ হ’ব নৈশ কাৰ্ফিউ৷ নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ বলবৎ থাকিব কাৰ্ফিউ৷ কিন্তু ৩১ ডিচেম্বৰৰ দিনা কাৰ্যকৰী নহয় ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনা৷ ২৬ ডিচেম্বৰৰ পুৱা ৬ বজাৰ পৰা বলবৎ হ’ব এইসমূহ নিৰ্দেশনা৷ ৰাজ্য চৰকাৰৰ নতুন SOPত আছে—
- ৰাজ্যজুৰি নিশা ১১.৩০ ৰ পৰা পুৱা ৬ বজালৈ বলবৎ হ’ব নৈশ কাৰ্ফিউ৷ কিন্তু ৩১ ডিচেম্বৰত কাৰ্যকৰী নহয় এই নিৰ্দেশনা৷
- নিশা ১০.৩০ বজালৈ খুলিব পাৰিব যিকোনে ব্যৱসায়িক প্ৰতিষ্ঠান, হোটেল, ৰেষ্টোঁৰা, শ্ব’ৰোম আদি৷
- এখন জিলাৰ কোভিড পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি যিকোনো অনুষ্ঠানৰ বাবে ৰাজহুৱা স্থানত কিমান লোক গোট খাব পাৰিব সেই সিদ্ধান্ত গ্ৰহণ কৰিব সংশ্লিষ্ট জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে৷ হল বা অডিটৰিয়ামৰ ক্ষেত্ৰত কেৱল ৫০ শতাংশ ব্যক্তিয়েহে অংশগ্ৰহণ কৰিব পাৰিব৷
- সাৰ্বজনীন স্থানত প্ৰতি ঘন্টাত সম্পূৰ্ণ প্ৰতিষেধক গ্ৰহণ কৰা ৬০ গৰাকী ব্যক্তি উপস্থিত থাকিব পাৰিব৷ ইফালে অন্য ধৰ্মীয় অনুষ্ঠানত ৪০ গৰাকী ব্যক্তি উপস্থিত থাকিব পাৰিব৷
- চিনেমা হল সমূহত মুঠ আসনৰ বিপৰীতে ৫০ শতাংশ ব্যক্তি উপস্থিত থাকিব পাৰিব৷ সম্পূৰ্ণ প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক৷
- অমিক্ৰণ সম্পৰ্কীয় নিৰ্দেশনাৰ বাবে ৰাজহুৱা স্থানত কোভিড নীতিৰ কাৰ্যকাৰিতাৰ ক্ষেত্ৰত জিলা মেজিষ্ট্ৰেট, আৰক্ষী অধীক্ষক আৰু বিভাগীয় কৰ্তৃপক্ষ দায়বদ্ধ হ’ব৷
- কোভিড বিধি উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ হ’ব সংশ্লিষ্ট কৰ্তৃপক্ষ৷
- মাস্ক পৰিধান নকৰিলে বা ৰাজহুৱা স্থানত থু পেলালে ১০০০ পৰ্যন্ত জৰিমনা ভৰিব লাগিব বিধি উলংঘনকাৰীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















