বিভিন্ন স্থানত মাৰপিট বা গণপিটন, হত্যা আদি নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে৷ দেওবাৰ পৰ্যন্ত এই সকলো ঘটনাত পুলিছি গোচৰ হৈছিল ভাৰতীয় দণ্ডবিধিৰ IPC ৰ ৩০২ ধাৰাত৷ কিন্তু আজিৰে পৰা সেই নিয়ম সলনি হৈছে৷ এতিয়াৰে পৰা এইধৰণৰ গোচৰ হ’ব ভাৰতীয় ন্যায় সংহিতাৰ ১০৩(২) ধাৰাত৷ আকৌ বোৱাৰী নিৰ্যাতনৰ ক্ষেত্ৰত ইমান দিনে IPC ৰ ৪৯৮ ত অভিযোগ নামা ৰুজু কৰা হৈছিল৷ এতিয়াৰে পৰাই বোৱাৰী নিৰ্যাতন, ধৰ্ষণ বা গণধৰ্ষণৰ ক্ষেত্ৰত IPC ৩৭৬ৰ কেইবাটাও ধাৰাত ৰুজু হ’ব গোচৰ৷
দেওবাৰে মাজনিশাৰ পৰা দেশত সলনি হৈছে কেইবাটাও নিয়ম৷ আজিৰ পৰাই দেশজুৰি বলবৎ হ’ল এই তিনিটা ফৌজদাৰী আইন৷ ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম আজিৰে পৰা বিলোপ হ’ল IPC 1860, CrPC 1973 আৰু Indian Evidence Act, 1872, যদিও এই তিনিখন আইন যাতে আজিয়েই বলবৎ নহয় তাৰ বাবে দেশৰ উচ্চতম ন্যয়ালয়ত তৰা গোচৰ পেণ্ডিং হৈ আছে৷ বিৰোধী জোঁটে এই তিনি আইন বিলুপ্তিক পূৰ্বৰে পৰাই বিৰোধিতা কৰি আছে৷ এই নতুন আইন প্ৰয়োগক হৈ প্ৰতিবাদতো নামিছে অধিবক্তা৷ সকলোবোৰ প্ৰতিবাদ, অনুৰোধৰ আওকান কৰি দেওবাৰে নিশা ১২ বাজি ১ মিনিটৰ পৰা লাঘু কৰা হৈছে এই নতুন আইন৷
নতুন ফৌজদাৰী আইন লাঘু হ’লেও পুৰণি আইনসমূহ একেবাৰে বিলুপ্তি ঘটিব তেনে নহয়৷ কাৰণ দেশৰ বিভিন্ন আদালত আৰু থানাত দেওবাৰ পৰ্যন্ত পেণ্ডিং কেছৰ সংখ্যা প্ৰায় চাৰে চাৰি কোটি৷ এই সকলোবোৰ পেণ্ডিং কেছ কিন্তু পুৰণি আইনৰ অধীনতেই সমাধা হ’ব৷ ফলত আৰক্ষী আৰু অধিবক্তাই নতুন আৰু পুৰণি দুখন আইনতেই মূৰত ৰাখিব লাগিব৷ নতুন আইনক লৈ ইতিমধ্যে আৰক্ষীক ট্ৰেইনিং দি থকা হৈছে৷ নতুন আইন আহিলে যাতে দেশৰ আৰক্ষীসকলৰ অসুবিধা নহয় তাৰবাবে সম্পূৰ্ণৰূপে সাজু কৰি ৰখা হৈছে আৰক্ষীক৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত কয়, ‘১ জুলাইৰ পৰা দেশত সলনি হ’ব স্বাধীনতাৰ ইতিহাস৷ ভাৰতীয় ন্যায়বিচাৰৰ ঐতিহ্যক মূৰত ৰাখি নতুন তিনিখন আইন অনা হৈছে৷ যাৰ সৈতে ঔপনিবেশিক ব্ৰিটিছ শাসনৰ আৰু কোনো সম্পৰ্ক নাথাকিব৷’ তেওঁৰ দাবি যে ইয়াৰ ফলত দেশৰ বিচাৰব্যৱস্থা ‘soul, body, spirit’ত সলনি হৈ যাব৷ নতুন আইনসমূহৰ সকলোতকৈ ডাঙৰ বৈশিষ্ট হৈছে যে এফ আই আৰৰ পৰা আৰম্ভ কৰি আদালতৰ বিচাৰ প্ৰক্ৰিয়া পৰ্যন্ত সকলোবোৰ ব্যৱস্থাই অনলাইনত হ’ব৷ ফলত অভিযোগ দাখিলৰ পৰা গোচৰৰ নিষ্পতি সকলোবোৰেই হ’ব অনলাইনত৷ গোচৰ যাতে বছৰ বছৰ ধৰি পেণ্ডিং নাথাকে তাৰবাবে এই বিচাৰপ্ৰক্তিয়া বাধ্যতামূলতভাৱে ৩ বছৰৰ ভিতৰতেই শেষ কৰিব লাগিব বুলিও জনাইছে অমিত শ্বাহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ