অসম লাইভ ২৪ঃ অসমত অব্যাহত থকা অবৈধ গৰু ছিণ্ডিকেট সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ৷ গৰু ছিণ্ডিকেটৰ জৰিয়তে ১৫ বছৰত ১ লাখ ৮০ হাজাৰ কোটি টকাৰ অবৈধ লেনদেন হয় অসমত৷ বিষয়টোৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা তদন্তৰ আহ্বান জনাইছে দলটোৱে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই স্বাক্ষৰ কৰি প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে যে যিহেতু স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে সংবাদ মেলৰ আয়োজন কৰি উক্ত তথ্য ৰাজহুৱা কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকী যিহেতু অসমৰ গৃহ বিভাগৰো মন্ত্ৰী, সেয়ে তেওঁৰ এই বক্তব্য অতিশয় গুৰুত্বপূৰ্ণ৷ সেয়ে সমগ্ৰ বিষয়টো উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰোৱা উচিত৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৩ জুলাইত নতুন দিল্লীত সংবাদ মেলযোগে অসমত গৰু চিণ্ডিকেটত প্ৰতি মাহে এহেজাৰ কোটি টকাৰ অবৈধ লেনদেন হয় বুলি সদৰী কৰে৷ এক প্ৰেছ বিজ্ঞপ্তিত জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘এই মাৰাত্মক তথ্যটো যিহেতু স্বয়ং মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিছে, নিশ্চয় তেওঁ তথ্য-প্ৰমাণ হাতত লৈয়ে তেনেকৈ কৈছে৷ কিন্তু মুখ্যমন্ত্ৰীৰ কাম কেৱল তথ্য ৰাজহুৱা কৰা নহয়, তাৰ তদন্তও কৰোৱা৷ ইতিপূৰ্বে অসম জাতীয় পৰিষদে একাধিকবাৰ দাবী উত্থাপন কৰাৰ পিছতো মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ তদন্ত ঘোষণা কৰা নাই৷ সেয়ে বিষয়টোত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ জৰুৰী৷’ ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয়, ‘বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ২০০৬-২০১৬ৰ কংগ্ৰেছৰ কেবিনেট মন্ত্ৰীসভাৰো সদস্য আছিল৷ গতিকে এইটো সহজে ধাৰণা কৰিব পাৰি যে উক্ত সময়ছোৱাত হৈ থকা গৰুৰ অবৈধ সৰবৰাহ আৰু লেনদেনৰ ওপৰত তেখেতৰ পৰ্যাপ্ত জ্ঞান থাকিব৷ গতিকে ২০০৬-২০১৬ৰ সময়ছোৱাও তদন্তৰ আওতালৈ আনিলে অপ্ৰত্যাশিত তথ্য উন্মোচিত হ’ব’৷ মুখ্যমন্ত্ৰীৰ তথ্যৰ ভিত্তিত অবৈধ গৰু ছিণ্ডিকেটৰ জৰিয়তে প্ৰতি মাহে এহেজাৰ কোটি টকাৰ অবৈধ লেনদেন হ’লে বিগত বিজেপি চৰকাৰৰ পাঁচ বছৰত ৬০ হাজাৰ কোটি টকাৰ অবৈধ লেনদেন সংঘটিত হৈছে৷ কিন্তু অসমত গৰু চিণ্ডিকেট অকল বিগত পাঁচ ধৰি চলা নাই, তাৰ বহু আগৰে পৰা চলি আছে৷ সেই দিশৰ পৰা চাবলৈ গ’লে বছৰ বছৰ ধৰি ৰাজ্যত অব্যাহত থকা গৰু ছিণ্ডিকেটৰ ক’লা বেহা ৰাজ্যৰ অন্যতম বৃহৎ কেলেংকাৰীৰূপে বিবেচিত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















