• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবৈধ গৰু চিণ্ডিকেটৰ তদন্তৰ দাবীত প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ

অবৈধ গৰু চিণ্ডিকেটৰ তদন্তৰ দাবীত প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ

5 years ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

8 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

9 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

9 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

10 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

12 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

12 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

12 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

13 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

14 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

14 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

15 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অবৈধ গৰু চিণ্ডিকেটৰ তদন্তৰ দাবীত প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ

editor by editor
August 25, 2021
in অপৰাধ, অসম, গুৱাহাটী, ভাৰত
0
অবৈধ গৰু চিণ্ডিকেটৰ তদন্তৰ দাবীত প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অসমত অব্যাহত থকা অবৈধ গৰু ছিণ্ডিকেট সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ৷ গৰু ছিণ্ডিকেটৰ জৰিয়তে ১৫ বছৰত ১ লাখ ৮০ হাজাৰ কোটি টকাৰ অবৈধ লেনদেন হয় অসমত৷ বিষয়টোৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা তদন্তৰ আহ্বান জনাইছে দলটোৱে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই স্বাক্ষৰ কৰি প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে যে যিহেতু স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে সংবাদ মেলৰ আয়োজন কৰি উক্ত তথ্য ৰাজহুৱা কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকী যিহেতু অসমৰ গৃহ বিভাগৰো মন্ত্ৰী, সেয়ে তেওঁৰ এই বক্তব্য অতিশয় গুৰুত্বপূৰ্ণ৷ সেয়ে সমগ্ৰ বিষয়টো উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰোৱা উচিত৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৩ জুলাইত নতুন দিল্লীত সংবাদ মেলযোগে অসমত গৰু চিণ্ডিকেটত প্ৰতি মাহে এহেজাৰ কোটি টকাৰ অবৈধ লেনদেন হয় বুলি সদৰী কৰে৷  এক প্ৰেছ বিজ্ঞপ্তিত জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘এই মাৰাত্মক তথ্যটো যিহেতু স্বয়ং মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিছে, নিশ্চয় তেওঁ তথ্য-প্ৰমাণ হাতত লৈয়ে তেনেকৈ কৈছে৷ কিন্তু মুখ্যমন্ত্ৰীৰ কাম কেৱল তথ্য ৰাজহুৱা কৰা নহয়, তাৰ তদন্তও কৰোৱা৷ ইতিপূৰ্বে অসম জাতীয় পৰিষদে একাধিকবাৰ দাবী উত্থাপন কৰাৰ পিছতো মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ তদন্ত ঘোষণা কৰা নাই৷ সেয়ে বিষয়টোত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ জৰুৰী৷’ ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয়, ‘বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ২০০৬-২০১৬ৰ কংগ্ৰেছৰ কেবিনেট মন্ত্ৰীসভাৰো সদস্য আছিল৷ গতিকে এইটো সহজে ধাৰণা কৰিব পাৰি যে উক্ত সময়ছোৱাত হৈ থকা গৰুৰ অবৈধ সৰবৰাহ আৰু লেনদেনৰ ওপৰত তেখেতৰ পৰ্যাপ্ত জ্ঞান থাকিব৷ গতিকে ২০০৬-২০১৬ৰ সময়ছোৱাও তদন্তৰ আওতালৈ আনিলে অপ্ৰত্যাশিত তথ্য উন্মোচিত হ’ব’৷ মুখ্যমন্ত্ৰীৰ তথ্যৰ ভিত্তিত অবৈধ গৰু ছিণ্ডিকেটৰ জৰিয়তে প্ৰতি মাহে এহেজাৰ কোটি টকাৰ অবৈধ লেনদেন হ’লে বিগত বিজেপি চৰকাৰৰ পাঁচ বছৰত ৬০ হাজাৰ কোটি টকাৰ অবৈধ লেনদেন সংঘটিত হৈছে৷ কিন্তু অসমত গৰু চিণ্ডিকেট অকল বিগত পাঁচ ধৰি চলা নাই, তাৰ বহু আগৰে পৰা চলি আছে৷ সেই দিশৰ পৰা চাবলৈ গ’লে বছৰ বছৰ ধৰি ৰাজ্যত অব্যাহত থকা গৰু ছিণ্ডিকেটৰ ক’লা বেহা ৰাজ্যৰ অন্যতম বৃহৎ কেলেংকাৰীৰূপে বিবেচিত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom jatiya parishadasom live 24assam live 24axom live 24cow smugglinghimanta biswa sharmalurinjyoti gogoi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
Next Post
ৰতনপুৰ বাগিচাত এতিয়া উত্তপ্ত পৰিস্থিতি

ৰতনপুৰ বাগিচাত এতিয়া উত্তপ্ত পৰিস্থিতি

কোভিড সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য

কোভিড সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.