অসম লাইভ ২৪ঃ কোভিড পৰিস্থিতিৰ বাবে সাময়িকভাৱে স্থগিত IPL। BCCIয়ে জনায় কৰে এই কথা। ৪ গৰাকীকৈ খেলুৱৈ কোভিডত আক্ৰান্ত হোৱাৰ পাছত ipl gc আৰু bcciৰ জৰুৰীকালীন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে। CSKৰ বলিং প্ৰশিক্ষক লক্ষ্মীপতি বালাজী আক্ৰান্ত হোৱাৰ পাছত CSK টীমক কোৱাৰেণ্টিনৰ নিৰ্দেশ দিয়ে BCCIয়ে। এনে পৰিপ্ৰেক্ষিতত বুধবাৰে অনুষ্ঠিত হ’বলগীয়া চেন্নাই চুপাৰ কিংচ আৰু ৰাজস্থান ৰয়েলচৰ মাজৰ মেচ স্থগিত ৰাখে BCCI য়ে। আনহাতে, কোভিডৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি IPL বাতিলৰ বাবে ২গৰাকী অধিবক্তাই আৱেদন জনাই দিল্লী উচ্চ ন্যায়ালয়ত। অধিবক্তা কৰণ সিং ঠটকৰাল আৰু ইনন্দৰ মোহন সিঙে দাখিল কৰে এই আৱেদন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ