অসম লাইভ ২৪ঃ কোভিডৰ বাবে IPL-২০২১ চিজনত BCCIৰ নতুন প্ৰট’ক’ল ঘোষণা। IPLৰ প্ৰতিটো টীমৰ বাবে স্বাস্থ্য আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় নিয়মাৱলী প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে। BCCIৰ সিদ্ধান্ত অনুসৰি, ফৰ্থ আম্পাৰৰ জৰিয়তে পৰিৱৰ্তন কৰা হ’ব চিক্সাৰ মৰা বল অৰ্থাৎ ষ্টেডিয়ামৰ বাহিৰলৈ যোৱা বল। লগে লগে চেনিটাইজ কৰি লাইব্ৰেৰিত ৰখিব সেই বল। BCCIৰ মতে, এক গৱেষণাৰ তথ্য অনুসৰি ক্ৰিকেট বলৰ জৰিয়তে কোভিড সংক্ৰমণৰ আশংকা অতি কম যদিও ক্ৰিকেট বৰ্ডে কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই IPLত। যিহেতু কেইবাগৰাকীকৈ খেলুৱৈৰ কোভিড সংক্ৰমণৰ বাবে পিছুৱাই দিয়া হৈছিল IPL। ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰৱ আমীৰশ্বাহীত আৰম্ভ হ’ব IPL-২০২১। ক্ৰিকেট বৰ্ডে অনুৰাগীসকলক ষ্টেডিয়ামৰ ভিতৰলৈ যোৱাৰ অনুমতি দিছে যদিও দৰ্শকক কেৱল ষ্টেডিয়ামৰ ওপৰৰ অংশতহে বহাৰ অনুমতি প্ৰদান কৰা হৈছে। লগতে খেলুৱৈসকলক ৱাথৰুমৰ বাদে মাটিত অথবা মুকলি অংশত থু পেলোৱাটোও নিষিদ্ধ বুলি বৰ্ডে প্ৰট’ক’লত উল্লেখ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ