অসম লাইভ ২৪ঃ ভাৰতীয় লোকৰ অৱসৰ বিনোদনৰ প্ৰথম পচণ্ড মালদ্বীপ। কিন্তু এতিয়াৰে পৰা মালদ্বীপলৈ যাব নোৱাৰিব ভাৰতীয়সকল। ভাৰতীয়লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মালদ্বীপৰ পৰ্যটন বিভাগে। ২৭ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা। কাৰণ ক’ৰোনাৰ দ্বিতীয় লহৰৰ ভয়ংকৰ সংক্ৰমণত বিধ্বস্ত ভাৰত। ভাৰতত ক’ৰোনাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মালদ্বীপত ভাৰতীয়ৰ প্ৰৱেশ নিষিদ্ধ কৰিছে মালদ্বীপ প্ৰশাসনে। মালদ্বীপৰ পৰ্যটন বিভাগে টুইটযোগে ঘোষণা কৰিছে এই নিৰ্দেশনা। এই নিৰ্দেশনাৰ পাছতে বিমোৰত পৰিছে বলীউড তাৰকাসকল। কৰ্মব্যস্ততাৰ মাজতে সময় উলিয়াই তাৰকাসকলে মালদ্বীপত সময় অতিবাহিত কৰা সাধাৰণতে দেখা পোৱা যায়। শেহতীয়াভাৱে ক’ৰোনাৰ সময়ছোৱাতো বহুকেইগৰাকী বলীউড তাৰকাক মালদ্বীপত দেখা পোৱা গৈছিল। বৰ্তমান ভাৰতীয়ৰ প্ৰৱেশ নিষিদ্ধ সন্দৰ্ভত ছ’চিয়েল মিডিয়াতো ট্ৰ’লৰ সন্মুখীন হৈছে তাৰকাসকল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ