অসম লাইভ ২৪ঃ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ধেমাজিৰ নন্দিতা শইকীয়াই৷ শনিবাৰে ধেমাজিৰ ৰাজপথত দিন-দুপৰতে বৰ্বৰ আক্ৰমণৰ বলি হৈছিল মৰিধল কলেজৰ ছাত্ৰীগৰাকী৷ মৰিধল কলেজৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাই দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল নন্দিতা শইকীয়া আৰু তেওঁৰ সহপাঠী কস্মিতা দত্তক৷ প্ৰেমজনিত কাৰণতেই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ৷ প্ৰেমত প্ৰতাৰিত হোৱাৰ বাবেই ৰাজপথ ৰক্তাক্ত কৰি এই শিহৰণকাৰী ঘটনা সংঘটিত কৰিছিল ৰিণ্টু শৰ্মাই৷ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল নন্দিতা৷ মগজুৰ জটিল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পাছত ছাত্ৰীগৰাকীৰ অৱস্থা ক্ৰমাৎ সুস্থিৰ হৈছিল যদিও অৱশেষত বুধবাৰে মৃত্যুক আঁকোৱালি লয় নন্দিতাই৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে ঘাটক ৰিণ্টু শইকীয়া৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ