• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

5 months ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

37 minutes ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

2 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

3 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

3 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

4 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

5 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

17 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

17 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

18 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

18 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

19 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

editor by editor
April 15, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন অসমীয়া বৰ্ষ ১৪৩৩ আৰম্ভ হ’ব আজিৰ পৰা৷ সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰিলে নতুন বছৰ আৰম্ভ হয়৷ ১ম ব’হাগ অৰ্থাৎ নতুন অসমীয়া বৰ্ষৰ প্ৰথম দিনাই জানি থওক ১৪৩৩ বৰ্ষত বিভিন্ন ৰাশিৰ জাতকৰ দিনসমূহ কেনে যাব? এই বছৰত জ্যোতিষ গণনা অনুসৰি বৃহসপ্তি আৰু শনি গ্ৰহৰ স্থিতিয়ে বহু শুভ ফল প্ৰদান কৰিব? জানি থওক বছৰৰ শেষত অৰ্থাৎ ২০২৭ চনৰ  মাৰ্চ-এপ্ৰিল মাহৰ শেষলৈকে এই ধাৰাবাহিকতা অব্যাহত থাকিব৷

মেষ ৰাশিৰ কেনে হ’ব নতুন বছৰ?

এই বছৰ মেষৰ জাতকৰ সামাজিক প্ৰতিপত্তি বাঢ়িব আৰু আৰ্থিক উন্নতিৰ সুযোগ আহিব৷ অতিৰিক্ত ব্যয়ৰ সম্ভাৱনা আছে৷ শিক্ষাক্ষেত্ৰ আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত নিষ্ঠা আৰু বুদ্ধিৰ কাৰণে সাফল্য আহিব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তিক লৈ আইনী জটিলতাৰ সন্মুখীন হব পাৰে৷ কৰ্মক্ষেত্ৰত শত্ৰুৰ অপচেষ্টা ব্যৰ্থ হব৷ শাৰীৰিক কাৰণত ধন ব্যয় হব পাৰে৷ বিদেশ ভ্ৰমণত সতৰ্কতা অৱলম্বন কৰিব পাৰে৷

শুভ ৰং- উদিত সূৰ্যৰ দৰে ৰঙা, হালধীয়া, বগা

শুভ সংখ্যা-৭, ৯, ১৪, ২২, ২৮, ২৯

বৃষ ৰাশিৰ নতুন বছৰ কেনে হ’ব?

এই বছৰ সাংসৰিক সমস্যাৰ সন্মুখীন হব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত অৰ্থভাগ্য ভাল৷ ৰাজনৈতিক বিতৰ্ক এৰাই চলক৷ স্বনিৰ্ভৰ প্ৰকল্পত সাফল্য আহিব৷ আত্মীয়-স্বজনৰ শত্ৰুতাৰ কাৰণে ক্ষতিগ্ৰস্ত হব পাৰে৷ ব্যৱসায়ত মুনাফা লাভৰ আশা আছে৷ পিতৃ-মাতৃৰ স্বাস্থ্যহানি হব পাৰে৷ প্ৰভাৱশালী একাধিক ব্যক্তিৰ দ্বাৰা সমস্যা আহিলে মুক্তি পোৱাৰ সম্ভাৱনা আছে৷ কৰ্মসূত্ৰে ভ্ৰমণৰ সুযোগ আহিব পাৰে৷

শুভ ৰংঃ বগা আৰু সেউজীয়া

শুভ সংখ্যাঃ ৩, ৯, ১৬, ২৫, ২৯

মিথুন ৰাশিৰ কেনে হ’ব নতুন বছৰ?

১৪৩৩ বছৰ মিথুন ৰাশিৰ জাতকৰ বাবে বিশেষ শুভ হব৷ কোনো বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰে৷ গোচৰ চলি থাকিলে জয়ী হব৷ উচ্চশিক্ষা লাভৰ সুযোগ আহিব৷ আত্মীয়ৰ সহযোগিতা বাঢ়িব৷ বিবাহৰ সম্ভাৱনা আছে৷ শত্ৰুৰ ক্ষতিৰ চেষ্টা বিফল হব৷ দীৰ্ঘম্যাদি প্ৰকল্পত সাফল্য আহিব৷ মাতৃ বা মাতৃস্থানীয় কাৰোবাৰ শাৰীৰিক অসুস্থতা আহিব পাৰে৷ হাৰ্ট বা হাড়ৰ অসুখ বাঢ়িব পাৰে৷ অৰ্থ বিনিয়োগ কৰিলে অৰ্থনাশৰ আশংকা৷

শুভ ৰংঃ সেউজীয়া

শুভ সংখ্যাঃ ৩, ১৩, ২০, ২২, ২৬৷

কৰ্কট ৰাশিৰ কেনে হ’ব নতুন বছৰ?

এই বছৰ আৰ্থিক উন্নতিৰ সম্ভাৱনা আছে৷ ঋণ লোৱাৰ পৰিকল্পনা ত্যাগ কৰক৷ প্ৰতিযোগিতামূলক ক্ষেত্ৰত সাফল্য আহিব৷ গুৰুজনৰ স্বাস্থ্যহানিৰ আশংকা আছে৷ আৰ্থিক উন্নতিৰ সুযোগ আহিলেও একাধিকবাৰ অতিৰিক্ত অৰ্থ ব্যয়ৰ সম্ভাৱনা থাকিব৷ পাবলগীয়া টকা উভতাই পোৱাৰ সম্ভাৱনা৷ একাধিক ক্ষেত্ৰৰ পৰা অৰ্থ উপাৰ্জনৰ সুযোগ আহিব পাৰে৷ সম্পত্তি সংক্ৰান্তিয় সমস্যা কমি যাব৷ অংশীদাৰী সম্পৰ্কত উন্নতি হব৷

শুভ ৰংঃ বগা

শুভ সংখ্যাঃ ১, ৭, ১৯, ২৬, ২৮

সিংহ ৰাশিৰ কেনে হ’ব নতুন বছৰ?

১৪৩৩ বৰ্ষত মিশ্ৰ ফল পাব৷ নতুন সম্পত্তি লাভৰ সম্ভাৱনা আছে৷ স্থাবৰ সম্পত্তি লাভ কৰিব৷ নামী প্ৰতিষ্ঠানত কৰ্মপ্ৰাপ্তিৰ সুযোগ আহিব৷ পঢ়ুৱৈসকলে মেধা আৰু অধ্যাবসায়ৰ শুভ ফল পাব৷ জীৱনসংগী প্ৰাপ্তিৰ যোগ আছে৷ এইবছৰ শাৰীৰিক সমস্যা বাঢ়িব৷ পুৰণি অসুখ আকৌ হোৱাৰ আশংকা আছে৷ স্নায়ুৰ ৰোগত কষ্ট পাব পাৰে৷ গুৰুজনৰ স্বাস্থ্য হানিৰ কাৰণে উদ্বেগ বাঢ়িব৷ অৰ্থ লাভত বাধা আছে৷
শুভ ৰংঃ হালধীয়া
শুভ সংখ্যাঃ ১৮, ১২, ২৮, ৩০

কন্যা ৰাশিৰ কেনে হ’ব নতুন বছৰ?

১৪৩৩ বছৰে সামাজিক ক্ষেত্ৰত উন্নতিৰ সুযোগ আহিব৷ পঢ়াশুনাত আশানুৰূপ ফল পাব পাৰে৷ বিবাহ বহিৰ্ভূত সম্পৰ্কত সোমাই পৰিব পাৰে৷ সাংসৰিক ক্ষেত্ৰত মাজে মাজে সমস্যা আহিলেও পৰবৰ্তীকালত সমাধান হব৷ বছৰৰ মাজভাগত উন্নতিৰ সুযোগ আহিব৷ এই বছৰ ৰোগবৃদ্ধিৰ আশংকা থাকিলেও আৰোগ্য লাভৰ আশা আছে৷ ব্যৱসায়ত বহুলাংশে শুভ৷ বীমা আৰু সঞ্চয়ত একাধিক সুযোগ আহিব পাৰে৷ ক্ৰীড়া আৰু সমাজত সেৱাৰ কামত প্ৰশংসা পাব৷

শুভ ৰংঃ সেউজীয়া

শুভ সংখ্যাঃ ২, ১৪, ১৮, ২০, ২৩, ২৬

তুলা ৰাশিৰ কেনে হ’ব নতুন বছৰ?

এই বছৰ পাৰিবাৰিক কাৰণত একাধিক সমস্যাৰ সন্মুখীন হব পাৰে৷ পৰিয়ালৰ বয়স্ক ব্যক্তিয়ে আকস্মিক বিপদৰ পৰা ৰক্ষা পাব৷ প্ৰশাসনিক পদত কৰ্মৰত ব্যক্তিৰ পদোন্নতি হব৷ নিকট আত্মীয়ৰ পৰা মূল্যবান উপহাৰ পাব পাৰে৷ তীৰ্থযাত্ৰাৰ সম্ভাৱনা আছে৷ পৈতৃক সম্পত্তিৰ পৰা আপুনি বঞ্চিত হব পাৰে৷ ঘনিষ্ঠ আৰু স্বজন ব্যক্তিৰ পৰা ক্ষতিৰ আশংকা আছে৷ ব্যৱসায়ীৰ লোকচান হব পাৰে৷

শুভ ৰংঃ বগা

শুভ সংখ্যাঃ ১, ৮, ১৫, ২৩, ২৫, ২৯৷

বৃশ্চিক ৰাশিৰ কেনে হ’ব নতুন বছৰ?

এই বছৰ বৃশ্চিক ৰাশিৰ শুভ ফল আশা কৰা যায়৷ জনকল্যাণমূলক কামৰ সৈতে যুক্ত হব৷ নতুন উপাৰ্জনৰ পথ খুলিব পাৰে৷ বিবাদ আৰু বিতৰ্কৰ কথাত সোমাই নপৰিব৷ প্ৰেমৰ সম্পৰ্কত আঘাত পোৱাৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ কামত প্ৰশংসা পাব পাৰে৷ গুৰুজনৰ শাৰীৰিক সমস্যাত উদ্বেগ বাঢ়িব৷ বক্ৰ পথেৰে উপাৰ্জনৰ সুযোগ আহিব পাৰে৷ একাধিক কাৰণত অৰ্থ নষ্ট হব পাৰে৷

শুভ ৰংঃ ৰঙা

শুভ সংখ্যাঃ ৩, ১১, ১৪, ১৯, ২০, ২৭

ধনু ৰাশিৰ কেনে হ’ব নতুন বছৰ?

১৪৩৩ ধনুৰ জাতকৰ বাবে অত্যন্ত শুভ হব৷ কৰ্মক্ষেত্ৰ আৰু স্বাধীন পেছাত যথেষ্ট সাফল্য লাভৰ সম্ভাৱনা আছে৷ পাৰিবাৰিক দুশ্চিন্তা থাকিলেও সমস্যা দূৰ কৰা সম্ভৱ৷ সন্তানৰ পঢ়াশুনাৰ মান উন্নত হব৷ নতুন কৰ্মসংস্থানৰ অপ্ৰত্যাশিত যোগাযোগ হব পাৰে৷ আলাপ আলোচনাৰ দ্বাৰা বৈষয়িক সমস্যা সমাধান হব৷ পোছাক, কাগত, ইলেকট্ৰনিক্স দ্ৰৱ্যৰ ব্যৱসায়ত উন্নতি হব৷ সামাজিক উন্নতি আৰু প্ৰতিপত্তি বাঢ়িব৷

শুভ ৰংঃ হালধীয়া

শুভ সংখ্যাঃ ৪,১২, ১৫, ১৮,২২, ২৩

মকৰ ৰাশিৰ কেনে হ’ব নতুন বছৰ?

১৪৩৩ শুভ ফলদায়ক৷ অফিচত আপোনাৰ শত্ৰুৱে আপোনালৈ অপবাদ আনিব৷ এই বছৰ নাম আৰু খ্যাতিৰ উচ্চ শিখৰলৈ যাব৷ অৰ্থ উপাৰ্জনৰ সম্ভাৱনা আছে৷ আৰক্ষী আৰু আইন চলচ্চিত্ৰৰ সৈতে যুক্ত ব্যক্তিয়ে সুনাম অৰ্জন কৰিব৷ স্বাস্থ্য সম্পৰ্কে সচেতন থাকক৷ ডায়বেটিছ আৰু কিডনিৰ ৰোগত আক্ৰান্ত হব পাৰে৷ চিকিৎসা বিভ্ৰাটৰ আশংকা আছে৷ দুষ্ট প্ৰতিবেশীৰ পৰা দূৰত্ব বজায় ৰাখক৷

শুভ ৰংঃ নীলা

শুভ সংখ্যাঃ ৪, ১২, ১৯

কুম্ভ ৰাশিৰ কেনে হ’ব নতুন বছৰ?

১৪৩৩ চনত মিশ্ৰ ফল পাব৷ এই বছৰ আলস্য বৰ্জন কৰিলে শুভ ফল পাব পাৰে৷ বিৰোধীসকলৰ সৈতে বুজাপৰা হব পাৰে৷ সম্পত্তি লাভৰ আশা আছে৷ অস্থায়ী কৰ্মপ্ৰাপ্তি হব পাৰে৷ ঘৰৰ জ্যেষ্ঠসকলৰ শাৰীৰিক সমস্যা বাঢ়িব পাৰে৷ গঠনমূলক পৰিকল্পনাত সাফল্য আহিব৷ প্ৰশিক্ষণৰ কামৰ সৈতে যুক্ত ব্যক্তিৰ সুনাম বাঢ়িব৷ বিশেষ কোনো ব্যক্তিৰ পৰা উপহাৰ পাব পাৰে৷ ভায়েক ভনীয়েকৰ সৈতে মতভেদ দূৰ হব৷ দীৰ্ঘ প্ৰতীক্ষিত পদোন্নতি লাভৰ সম্ভাৱনা আছে৷

শুভ সংখ্যাঃ ৪,১২, ১৯, ২৯

শুভ ৰংঃ বেঙুনীয়া

মীন ৰাশিৰ কেনে হ’ব নতুন বছৰ?

১৪৩৩ চন মধ্যম হব৷ সৃষ্টিমূলক কামত সাফল্য আহিব৷ শত্ৰু প্ৰৱল হলেও ক্ষতিৰ আশংকা নাই৷ নিকট আত্মীয়ৰ বিৰুদ্ধাচৰণত সমস্যাত পৰিব পাৰে৷ সাংসৰিক সমস্যাৰ চিন্তা বাঢ়িব৷ বিদ্যাৰ উন্নতিত বাধা আহিব পাৰে৷ অতিৰিক্ত পৰিশ্ৰমৰ ফলত শাৰীৰিক দুৰ্বলতা বাঢ়িব৷ কৰ্মক্ষেত্ৰত বিড়ম্বনা বাঢ়িব৷ বছৰৰ মধ্যভাগৰ পৰা শৰীৰ স্বাস্থ্যৰ অৱনতি হব৷ অসামাজিক সম্পৰ্কত আৱদ্ধ হব পাৰে৷ মানসিক অৱসাদ বাঢ়িব৷

শুভ সংখ্যাঃ ৫, ১০, ২২, ২৪, ২৮

শুভ ৰংঃ হালধীয়া

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক
জীৱনশৈলী

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

August 31, 2026
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?
বিশ্ব

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

August 31, 2026
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়
ভাৰত

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

August 31, 2026
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম
জীৱনশৈলী

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

August 31, 2026
Next Post
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.