এফালে দানৱতা আনফালে মানৱতা৷ এই দানৱতা আৰু মানৱতাৰ যুঁজত অৱশেষত জয়ী হ’ল মানৱতাৰেই৷
ঘটনাটো উত্তৰ প্ৰদেশৰ বদাউনৰ৷ জিলাখনৰ কাদাৰচৌক আৰক্ষী থানাৰ অন্তৰ্গত খিতৌলিয়া গাঁৱৰ এক ঘটনা পোহৰলৈ আহিছে৷ ঘটনাৰ বিৱৰণীৰ মতে গাঁওখনৰ পথাৰত জীৱন্ত অৱস্থাত গাঁতত পুতি থোৱা এগৰাকী নৱজাতিকা কন্যাক উদ্ধাৰ কৰা হৈছে৷
বৃহস্পতিবাৰে পুৱাই পথাৰত প্ৰাতঃকৰ্ম কৰিবলৈ যোৱা সুখদেৱী নামৰ মহিলাগৰাকীয়ে পথাৰত এটি নৱজাতকৰ কন্দোন শুনিবলৈ পায়৷ কান্দোনৰ উৎস বিচাৰি গৈ মহিলাগৰাকীয়ে দেখে যে জীৱন্ত অৱস্থাতে এটি নৱজাতিকা কন্যা শিশুক গাঁতত পুতি থোৱা আছে৷
লগতে পঢ়ক এইবাৰ পৃথক বড়োলেণ্ড নহয়, পৃথক দুৱাৰঞ্চল ৰাজ্য দাবী বড়ো সংগঠনৰ, কোন বড়ো সংগঠনে কৰিলে এই দাবী?
সুখদেৱীয়ে মানৱতাৰ উকৃষ্ট প্ৰমাণ দি নৱজাতিকা কন্যা শিশুটিক উদ্ধাৰ কৰি বুকুত সোমোৱাই নিজৰ ঘৰলৈ লৈ আহে৷ ইয়াৰ পাছতে সুখদেৱীয়ে ছাইল্ড লাইনৰ দলৰ সৈতে যোগাযোগ কৰে৷ দলটোৱে শিশুটিক উদ্ধাৰ কৰি জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱায়৷ চিকিৎসকে কন্যা শিশুটিক আই চি ইউত ভৰ্তি কৰি চিকিৎসা কৰে৷ জানিব পৰা মতে বৰ্তমান শিশুটি সংকটমুক্ত৷
ঘটনা সন্দৰ্ভত আৰক্ষীকো খবৰ দিয়া হয়৷ খবৰ লাভ কৰা মাত্ৰকে আৰক্ষীয়ে গৈ উক্ত স্থানত উপস্থিত হয়৷ আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰা বুলি প্ৰকাশ কৰিছে৷
ইফালে ঘটনাটো সমগ্ৰ অঞ্চলজুৰি বনজুইৰ দৰে বিয়পি পৰে৷ খবৰটো অঞ্চলজুৰি ৰাষ্ট্ৰ হৈ পৰাৰ পাছতে সুখদেৱীৰ ঘৰত নৱজাতিকাটিক দৰ্শন কৰিবলৈ মানুহৰ সোঁত ববলৈ ধৰে৷ সমবেত লোকসকলে সুখদেৱীৰ মানৱতাক ভূয়সী প্ৰশংসা কৰিলেও কন্যা শিশুটিৰ দানৱী মাতৃৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















