সোমবাৰে নিশা অন্ধ্ৰ প্ৰদেশৰ এছপিএছ নেল্লোৰ জিলাৰ এখন গাঁৱত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।
সোমবাৰে নিশা নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১৪ বছৰীয়া কিশোৰী ঘৰত অকলশৰে থকাৰ সুযোগ গ্ৰহণ কৰি এজন যুৱকে ঘৰত প্ৰৱেশ কৰি জোৰ-জবৰদস্তি যৌন আতিশয্য চলাবলৈ চেষ্টা কৰে।
যুৱকজনৰ পৰা পৰা নিজকে ৰক্ষা কৰিবলৈ কিশোৰীগৰাকীয়ে শৌচালয়ত সোমাই ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি দিয়ে৷ কিন্তু যুৱকজনে শৌচালয়ৰ দুৱাৰ ভাঙি কিশোৰীগৰাকীক পুনৰ ধৰ্ষণৰ চেষ্টা কৰে।
লগতে পঢ়ক এইবাৰ শেনৰ এজাত মন্ত্ৰী পীয়ুষ হাজৰিকা, কাৰ্যবাহী অভিযন্তাসহ ৬ বিষয়া-কৰ্মচাৰীক নিলম্বন
কিশোৰীগৰাকীয়ে যুৱকজনৰ এই কাণ্ডক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰাত যুৱকজনে কিশোৰীগৰাকীৰ শৰীৰলৈ এছিড নিক্ষেপ কৰে৷ প্ৰকাশিত খবৰ মতে যুৱকজনে কিশোৰীগৰাকীৰ মুখত এচিড ঢালি দিয়ে।
মুখত এছিড পৰাৰ লগে লগে কিশোৰীগৰাকীয়ে চিঞৰিবলৈ ধৰে আৰু যুৱকজনে তেতিয়াই কিশোৰীগৰাকীৰ ডিঙিত কটাৰীৰে আক্ৰমণ কৰি সেই স্থানৰ পৰা পলায়ন কৰে।
কিশোৰীগৰাকীৰ চিঞৰ শুনি ওচৰ-চুবুৰীয়াই তেওঁলোকৰ ঘৰলৈ আহি তেজেৰে তুমৰলি হৈ পৰি থকা কিশোৰীগৰাকীক দেখা পায় তেওঁৰ পৰিয়ালৰ লোকক খবৰ দিয়ে৷ জানিব পৰা মতে বিশেষ কাৰণত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকসকল ঘৰৰ পৰা বাহিৰলৈ উলায় গৈছিল৷
লগতে পঢ়ক শিক্ষক-শিক্ষয়িত্ৰীসকল সাৱাধান হওক! ছাত্ৰ-ছাত্ৰীক বেত্ৰাঘাত কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষক
ইয়াৰ পাছতে কিশোৰীগৰাকীক উদ্ধাৰ কৰি ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি, আৰক্ষীয়ে আক্ৰমণকাৰী যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। আক্ৰমণকাৰী যুৱকজনৰ নাম নাগাৰাজু আৰু তেওঁ ভুক্তভোগীৰ কিশোৰীগৰাকীৰ আত্মীয় বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে আক্ৰমণকাৰী যুৱকজনৰ আন আন ঘনিষ্ঠকো আক্ৰমণত সহায় কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। ইফালে স্থানীয় ৰাইজ এই ঘটনাত ক্ষুব্ধ হৈ দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে।
ৰাজ্যিক কৃষি মন্ত্ৰী কাকণি গোবৰ্ধন ৰেড্ডীও চিকিৎসালয়ত উপস্থিত হৈ ভুক্তভোগীগৰাকীৰ লগতে পৰিয়ালৰ লোকক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়৷ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে ধৰ্ষণ আৰু হত্যাৰ চেষ্টা কৰাৰ অপৰাধত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ