ন বোৱাৰীক আদৰি ওখল-মাখল ঘৰৰ পৰিবেশ। কইনাক লৈ দৰাই হাঁহিমুখে প্ৰৱেশ কৰিছে ফুলসজ্জাৰ ৰুমত। নিশা পাৰ হৈ ৰাতিপুৱাল। সকলোৱে অপেক্ষা কৰি থাকিল ন বোৱাৰী আৰু দৰা ৰুমৰ পৰা ওলাব। ৰাতিপুৱা গৈ বেলি দুপৰ হলেও কইনা দৰা ৰুমৰ পৰা নোলাল। পৰিয়ালৰ লোকে দুৱাৰমুখত ৰৈ চিঞৰি চিঞৰি মতাতো ওলাই নাহিল দৰা কইনা। লাহে লাহে উদ্বেগ বাঢ়িল। অৱশেষত দুৱাৰ ভাঙি দেখা দৃশ্যই সকলোকে হতবাক কৰিছে।
আনন্দৰ মুহূৰ্ত ক্ষন্তেকতে চৰম শোকলৈ ৰূপান্তৰিত হল। আৰক্ষীক মাতি পঠিয়াই তদন্তৰো নিৰ্দেশ দিয়া হল। কিন্তু প্ৰকৃততে কি ঘটিল নৱদম্পতিৰ সৈতে? দুৱাৰ ভঙাৰ পিছতেই দেখা গৈছিল যে চিলিং ফেনক ওলমি আছে দৰা। আৰু বিচনাত নিথৰ হৈ পৰি আছে কইনা। দ্ৰুতভাৱে চিকিৎসকক মাতি পঠিওৱা হৈছিল যদিও দুয়োকে মৃত ঘোষণা কৰে চিকিৎসকে।
এই ঘটনা উত্তৰপ্ৰদেশৰ অযোধ্যাৰ ছাহাদগঞ্জ মুৰাবন টোলাৰ থানাৰ কাণ্টনমেণ্ট এলেকাৰ। হঠাৎ কিয় এনেকৈ দুটা জীৱন শেষ হল সেই কথা এতিয়াও ৰহস্যৰ আৱৰ্তত। পৰিয়ালৰ দাবী এই ঘটনাৰ উচিত তদন্ত হওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















